নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ সহধৰ্মিণী মালতী বৰ্মনৰ দেহাৱসান

🛑 কাইলৈ বেলশৰৰ ভকতৰ পুখুৰী পাৰৰ শান্তিভূমি উদ্যানত অন্তেষ্টিক্ৰিয়া
বিশেষ বাৰ্তা, ১০ আগষ্টঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বিচক্ষণ ৰাজনীতিক প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ সহধৰ্মিণী, ধৰ্মাপ্ৰাণা, সমাজপ্ৰিয় মহিলা মালতী বৰ্মন আৰু নাই। বাৰ্ধক্যজনিত কাৰণত আজি পুৱা ৯ বজাত চিকিৎসাধীন অৱস্থাত মহানগৰীৰ দিছপুৰ জিএনআৰচি হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। ইয়াৰ লগে লগে প্ৰয়াত ডাঃ বৰ্মনৰ একমাত্ৰ সন্তান তথা বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত বৰ্মন হৈ পৰিল মাতৃহাৰা। মৃত্যুৰ  সময়ত  তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। উল্লেখ্য যে ১৯৪০ চনৰ ১ ছেপ্টেম্বৰত কামৰূপ জিলাৰ পলাশবাৰীত জন্মগ্ৰহন কৰা মালতী বৰ্মনে ১৯৬১ চনৰ ২২ জানুৱাৰীত বেলশৰৰ সু চিকিৎসক ডাঃ ভূমিধৰ বৰ্মনৰ স’তে বিবাহপাশত আবদ্ধ হৈ বেলশৰ গাঁৱৰ ঘৰতেই থাকি জীৱন অতিবাহিত কৰে।কোনোদিনে উচ্চাকাংক্ষা নথকা এগৰাকী সুগৃহিণী হিচাপে পৰিচিত আদৰ্শবাদী প্ৰগতিশীল নাৰী মালতী বৰ্মনে স্বামী-শহুৰৰ  গৃহ গাঁও বেলশৰতেই থাকি স্বামীৰ ৰাজনীতিৰ উত্থান-পতনৰ জ্বলন্ত সাক্ষী হৈ পৰিছিল। স্বামী প্ৰয়াত ডাঃ বৰ্মনৰ ওপৰত উগ্ৰপন্থীয়ে তিনিবাৰকৈ আক্ৰমণ চলোৱাৰ সময়তো ধৈৰ্য্যৰ মাজতো স্বামীৰ ৰাজনৈতিক জীৱনৰ অন্যতম এগৰাকী লগৰী সাহসী যোদ্ধা হৈ পৰিছিল। প্ৰয়াত ডাঃ বৰ্মনৰ ৰাজনীতিৰ প্ৰতিটো ক্ষেত্ৰত সমৰ্থন কৰি গৈছিল মালতী বৰ্মনে। সুদীৰ্ঘ ৪৯ বছৰ কাল একেৰাহে ৰাজ্যৰ ৰাজনীতিত সক্ৰিয়তাৰে কাম কৰাৰ সমান্তৰালকৈ এবাৰ মুখ্যমন্ত্ৰী (মাত্ৰ কেইদিনমান), কেইবাবাৰো কেবিনেট মন্ত্ৰী হৈ স্বামী থকাৰ সময়তো দিছপুৰত নাথাকি গৃহ গাঁৱতেই কটাইছিল প্ৰয়াত মালতী বৰ্মনে। শাৰিৰীক অসুস্থতাৰ বাবেই  যোৱা প্ৰায় এবছৰ ধৰি বিধায়ক পুত্ৰ দিগন্ত বৰ্মনৰ গুৱাহাটীৰ বাসগৃহত থাকিবলৈ লয়।মধুমেহ, উচ্চ ৰক্তপাতজনিত ৰোগত আক্ৰান্ত মালতী বৰ্মনক বৃহস্পতিবাৰে হঠাতে জি এন আৰ চিত ভৰ্তি কৰোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিবলৈ লয়। লগে লগে আইচিইউত ৰখাৰ ব্যৱস্থা কৰে আৰু চিকিৎসাধীন অবস্থাতেই অৱশেষত আজি পুৱা তাতেই শেষ নিশ্বাস ত্যাগ কৰে।আজি তেওঁৰ  মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে অসখ্য গুনমুগ্ধৰে ভৰি পৰে চিকিৎসালয় চৌহদ। পুত্ৰ দিগন্ত বৰ্মনে জানিবলৈ দিয়া মতে, আজি নিশাটো চিকিৎসালয়তেই ৰখাৰ পিছত কাইলৈ নশ্বৰদেহ বেলশৰৰ গৃহলৈ নিয়া হব। স্বামী প্ৰয়াত ডাঃ বৰ্মন, শহুৰ  ভকতৰাম বৰ্মন (মহাজন), শাহু মঠোপ্ৰিয়া বৰ্মনৰ ‘ভকতৰ পুখুৰী পাৰ চ’ক’ত থকা  সমাধিক্ষেত্ৰ ‘শান্তিভূমি’ উদ্যানত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হৱ। এইগৰাকী ধৰ্মপ্ৰানা মহিলাৰ মৃত্যুত বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ বেলশৰ অঞ্চলত গভীৰ শোকৰ ছাঁ  পৰে। তেওঁ মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ, তিনিগৰাকী বিবাহিত জীয়াৰী, অসম চৰকাৰৰ দক্ষতা বিকাশ, নিয়োগ আৰু কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিব বোৱাৰী কস্তুৰী ভৰালী বৰ্মন, দুগৰাকী জোঁৱাই, কেবাগৰাকী নাতি-নাতিনীকে ধৰি অনেক গুনমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। ইফালে আজি দুপৰীয়া বিধায়ক দিগন্ত বৰ্মনৰ গুৱাহাটীৰ বাসভৱনত উপস্থিত হৈ অসম কংগ্ৰেছৰ দায়িত্বত থকা এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, এআইচিচিৰ সম্পাদক পৃথিৰাজ প্ৰভাকৰ সাথে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, বিধায়িকা নন্দিতা দাস প্ৰমুখ্যে কেবাগৰাকী নেতা-নেত্ৰী উপস্থিত হৈ প্ৰয়াত মালতী বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like