ঢালিগাঁৱত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অহা ২৪ ফেব্ৰুৱাৰীত ঢালিগাঁৱত অনুষ্ঠিত হবলগীয়া কেন্দ্ৰীয় বিশ্বমহাবীৰ চিলাৰায় দিৱসত বিশ্ব মহাবীৰ চিলাৰায় সন্মান জ্যোতিপ্ৰসাদ ৰাজখোৱাক প্ৰদান কৰা হ’ব। আজি অসম সাহিত্য সভাৰ ধুবুৰী আঞ্চলিক কাৰ্যালয়ত সংবাদ মেলযোগে এই কথা ঘোষণা কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই। সংবাদ মেলখনত আগন্তুক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিশ্বমহাবীৰ চিলাৰায় দিৱস সম্পৰ্কে বক্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ শৰ্মাই কয় যে অহা ২৪ ফ্ৰেব্ৰুৱাৰীত অসম সাহিত্য সভাই চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত, বঙাইগাঁও জিলা সাহিত্য সভাৰ সহযোগত ঢালিগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত আৰু বি আৰ পি এল কৰ্মচাৰী সন্থাৰ সহযোগত মহাবীৰ চিলাৰায়ৰ স্মৃতি বিজড়িত দিনটো বিশ্বমহাবীৰ চিলাৰায় দিৱস হিচাপে পালন কৰা হব। এই দিৱসতে সভাই প্ৰথমবাৰৰ বাবে অসমৰ জাতীয় জীৱনৰ এগৰাকী বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, সুপ্ৰশাসক, অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব তথা অৰুণাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল জ্যোতিপ্ৰসাদ ৰাজখোৱালৈ বিশ্বমহাবীৰ চিলাৰায় সন্মান আগবঢ়োৱা হব। তেওঁ সমগ্ৰ জীৱনটো অসমৰ সাহিত্য-সংস্কৃতিৰ লগতে প্ৰকৃত জাতীয়তাবাদ প্ৰতিষ্ঠাৰ হকে কৰ্ম সম্পাদন কৰি আমাৰ জাতীয় জীৱনটোক সময়ৰ গতিত আগবঢ়াই লৈ যোৱাৰ নিৰন্তৰ প্ৰয়াস কৰি গৈছে। বিশেষকৈ অসমৰ জাতি-জনগোষ্ঠীৰ প্ৰকৃত উত্তৰণৰ হকে, জাতীয় ভাবনা প্ৰতিষ্ঠাত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি আহিছে। অসম চৰকাৰৰ মুখ্য সচিব হিচাপে কৰ্ম সম্পাদন কৰি নিজকে এগৰাকী সুদক্ষ প্ৰশাসক হিচাপে জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল। পৰৱৰ্তী দিনত অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ পদত অধিষ্ঠিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।