নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ ডিচেম্বৰঃ কটন কলেজৰ প্রাক্তন অধ্যক্ষ, বিশিষ্ট বিজ্ঞানী, শিক্ষাবিদ ড০ অনিল কুমাৰ গোস্বামীৰ ৯২ বছৰ বয়সত দেহাৱসান ঘটে৷ দীর্ঘদিন ধৰি বার্ধক্যজনিত অসুস্থতাত ভুগি থকা বিশিষ্ট শিক্ষাবিদগৰাকীয়ে গুৱাহাটীৰ শিলপুখুৰীস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে৷ উল্লেখ্য যে গুৱাহাটীৰ তাৰকাগৃহ, এএছটিইচি, আইএএছটিৰ আঁৰৰ কাণ্ডাৰী আছিল বিশিষ্ট বিজ্ঞানীগৰাকী৷ কটন কলেজৰ পদার্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপেও দায়িত্ব চম্ভালা অনিল কুমাৰ গোস্বামীৰ দেহাৱসান অসমৰ শৈক্ষিক ক্ষেত্রখনৰ বাবে বৃহৎ ক্ষতি৷ সহজ–সৰল মনোভাবেৰে সাধাৰণ কৃষক–শ্রমিকসকল সৈতে একাত্ম হ’ব পৰা প্রয়াত গোস্বামী আছিল অসম বিজ্ঞান সমিতিৰ প্রাক্তন সাধাৰণ সম্পাদক, সভাপতি আৰু ভাৰতত বিজ্ঞান জনপ্রিয়কৰণৰ অন্যতম পথ প্রদর্শক৷ বিজ্ঞান শিক্ষা আৰু বিজ্ঞানৰ সৈতে ৰাজহুৱা সম্পর্ক ৰখা ড০ অনিল গোস্বামীৰ নিৰন্তৰ প্রচেষ্টাৰ বাবে অসম বিজ্ঞান সমিতিয়ে এক নিৰন্তৰ গতি লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ মৃত্যুৰ লগে লগে অসমে এজন যোগ্য তথা শক্তিশালী ব্যক্তি তথা উত্তৰাধিকাৰীক হেৰুৱালে৷ উল্লেখ্য যে প্রয়াত অনিল কুমাৰ গোস্বামী আছিল বিশিষ্ট চিকিৎসক অলকা গোস্বামীৰ স্বামী৷