নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সতীশ চন্দ্ৰ চৌধুৰীৰ বিয়োগ

📌 মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সুদক্ষ সংগঠক, সুবক্তা, অক্লান্ত সমাজকর্মী, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, উপ-সভাপতি, বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰাক্তন সাংবাদিক, সাহিত্যিক তথা পাঠশালা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি সতীশ চন্দ্ৰ চৌধুৰী আৰু নাই৷ পাঠশালাৰ সুসন্তান সতীশ চন্দ্ৰ চৌধুৰীৰ আজি গুৱাহাটীৰ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটা খবৰে সমগ্ৰ পাঠশালাতে শোকৰ ছাঁ পেলাইছে৷ দীৰ্ঘদিন ধৰি বহুমূত্ৰ আৰু অগ্নাশয় ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ অন্তত আজি চৌধুৰীয়ে প্ৰায় ৮২ বছৰ বয়সত বিয়লিৰ ভাগত গুৱাহাটীস্থিত হাতীগাঁৱৰ শেৱালি পথৰ বকুলবন উপপথত থকা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে৷ ১৯৪২ চনৰ ৪ জানুৱাৰীত বজালী জিলা সদৰ পাঠশালা নগৰৰ পাঠলাৰ বিখ্যাত চৌধুৰী পৰিয়ালত জন্মগ্ৰহণ কৰা চৌধুৰী আছিল বজালীৰ এগৰাকী খ্যাতনামা শিক্ষাবিদ, অসমৰ ভ্ৰাম্যমাণ নাট্য আন্দোলনৰ এগৰাকী অন্যতম বাটকটীয়া, নাট্যকাৰ, পৰিচালক তথা অভিনেতা সন্তৰাম চৌধুৰীৰ নাতি তথা অসমৰ সমবায় আন্দোলনৰ অন্যতম নেতা, কলা-সাধক তথা বিশিষ্ট অভিনেতা আৰু শিক্ষাব্রতী উমাকান্ত চৌধুৰীৰ পুত্ৰ৷ বজালীৰ সাহিত্য- সাংবাদিকতা জগতৰ এগৰাকী বৰেণ্য ব্যক্তি চৌধুৰীয়ে পাঠশালা মজলীয়া বিদ্যালয়ত প্রাথমিক শিক্ষা লাভৰ পিছত বজালী হাইস্কুলত অধ্যয়ন কৰি ১৯৬৪ চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত উত্তীর্ণ হৈ বজালী মহাবিদ্যালয়ত বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ তৃতীয় বার্ষিকলৈ অধ্যয়ন কৰি আনুষ্ঠানিক শিক্ষাৰ অন্ত পৰে যদিও তাৰ মাজতে হিন্দী ভাষাৰ বিশেষ অধ্যয়ন কৰি ৱাৰ্ধা ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ পৰা ‘কোবিদ’ উপাধি লাভ কৰে৷ ইয়াৰ পিছতে ১৯৬৯ চনত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অস্থায়ীভাবে শিক্ষকতা আৰম্ভ কৰি ১৯৭০ চনত বিদ্যালয়খনৰ স্থায়ী শিক্ষকতাৰ পদত নিযুক্তি লাভ কৰি ২০০৪ চনৰ ২৯ ফ্ৰেব্ৰুৱাৰীত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছৰ বছৰতে ২০০৫ চনত কৃতী শিক্ষকৰূপে সন্মানিত হোৱা চৌধুৰীয়ে পিতৃপুৰুষৰ পদাংক অনুসৰণ কৰি বাল্যকালৰ পৰাই গল্প, কবিতা আদি লিখিবলৈ আৰম্ভ কৰিছিল আৰু চতুৰ্থ শ্ৰেণীত পঢ়া কালতে ‘ভাইটিৰ কাণ্ড’ নামৰ কবিতা এটা লিখি ‘নতুন অসমীয়া’ কাকতত প্ৰকাশ কৰিছিল। উচ্চতৰ মাধ্যমিক আৰু স্নাতক পর্যায়ত অধ্যয়ন কৰাৰ সময়ত স্থানীয়, আঞ্চলিক আৰু জিলা স্তৰৰ লগতে অসম ভিত্তিত আয়োজিত বিভিন্ন গল্প, কবিতা, ৰচনা প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা চৌধুৰীয়ে একাদশ শ্ৰেণীত পঢ়াৰ সময়ত ‘দি ৰেইনি চিজন’ নামৰ কবিতাটিৰে ইংলেণ্ডৰ পৰা আয়োজন কৰা “বিশ্ব কবিতা” প্রতিযোগিতাত প্রশংসা পত্র লাভ কৰি সকলোৰে আদৰৰ পাত্ৰ হৈ পৰিছিল৷ অসমৰ এগৰাকী আগশাৰীৰ সাহিত্য সংগঠক হিচাপে পৰিচিত চৌধুৰীয়ে অসম সাহিত্য সভাৰ যোগে আজীৱন সাহিত্য সেৱা কৰি গৈছিল৷ ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ সদস্য হোৱা চৌধুৰীয়ে ১৯৮০ৰ পৰা ১৯৮২ চনলৈ অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সহকাৰী সম্পাদক, ১৯৮৭ চনত সভাৰ ৫৩ সংখক পাঠশালা অধিৱেশনৰ যুটীয়া সাধাৰণ সম্পাদক, ১৯৮৯ৰ পৰা ১৯৯০ চনলৈ আৰু ১৯৯৪ৰ পৰা ১৯৯৬ চনলৈ সভাৰ প্ৰধান সম্পাদক, ২০০৭ৰ পৰা ২০০৯ চনলৈ দুবছৰৰ বাবে সভাৰ উপ-সভাপতিৰ আসন অলংকৃত কৰা বিশিষ্ট সাহিত্য সংগঠক গৰাকীয়ে পাঠশালা শাখা সাহিত্য সভাৰ জন্মলগ্নৰে পৰা ওতঃপ্রোতভাৱে জড়িত হৈ আহিছিল৷ ১৯৬২ চনৰ পৰা কার্যনির্বাহক সদস্য হোৱা চৌধুৰীয়ে ১৯৬৬ চনত সভাৰ যুটীয়া সহকাৰী সম্পাদক, ১৯৬৯ চনত যুটীয়া সম্পাদক, ১৯৭০ চনত সম্পাদক আৰু ১৯৭৬ চনৰ পৰা একেৰাহে বহু বছৰ প্ৰকাশন সচিবৰ দায়িত্ব পালন কৰি ২০০১ চনত সভাৰ সভাপতি পদত অধিস্থ হোৱা চৌধুৰীয়ে ২০০৩ৰ পৰা ২০০৫ চনলৈ দুবছৰৰ বাবে বৰপেটা জিলা সাহিত্য সভাৰো সভাপতি হোৱাৰ লগতে বৰ্তমান কামৰূপ জিলা সাহিত সভা হিচাপে পৰিচিত তেতিয়াৰ অবিভক্ত কামৰূপ সাহিত্য পৰিষদৰ লগতো প্রতিষ্ঠা কালৰ পৰাই জড়িত হৈ ১৯৭৪ ৰ পৰা ১৯৭৬ চনলৈ সাধাৰণ সম্পাদকৰ পদতো অধিস্থিত আছিল৷ আনহাতে সংবাদ সেৱাৰ সতেও জড়িত হৈ ১৯৬৩ চনত ‘সাপ্তাহিক জনমভূমি’ কাকত যোগে প্রথম সাংবাদিকতা আৰম্ভ কৰি পিছলৈ দৈনিক অসম, আজিৰ অসম, দৈনিক জনমভূমি, দি চেন্টিনেল আদি কাকতৰ আৰম্ভণি দিনৰ পৰাই সংবাদ সেৱা কৰি অসমৰ সংবাদ জগতলৈও বিশেষ অৰিহণা আগবঢ়াইছিল৷ অসমীয়া সাহিত্য জগতলৈও অনবদ্য অনুদান আগবঢ়োৱা চৌধুৰীয়ে “লোক সংস্কৃতিৰ সুৰভি”, “প্রবন্ধ দর্পণ”, “সংস্কৃতিৰ সুবাস”, “বজালী বিচিত্রা”, “পাঠশালাৰ ইতিবৃত্ত”, “কামৰূপৰ উৎসৱ-পার্বণ” নামৰ ছয়খন প্রবন্ধ সংকলন; “মোৰ দেশ”, “জ্যোতি বন্দনা”, “জীবন নদী”, “নতুন পৃথিৱী”, “প্রগতি”, “পৰিচিত মানুহ” আদি কবিতা সংকলন, “এটা সাপৰ সন্ধানত”, “বনলতা”, “আৱৰ্তন”, “আশ্রয়”, “সুৰুযমুখী ফুল”, “কাহিনী কোৱা মানুহ” গল্প সংকলন; “বগলী বগা ফোঁট দি যা”, “মণিমালা”, “মৃদুলাৰ কথা” শিশু উপযোগী গল্প সংকলন; “মহেন্দ্ৰ বৰাৰ ব্যক্তিত্ব আৰু প্ৰতিভা”, “মহিম বৰাৰ সাহিত্য আৰু জীৱন”, “বৰেণ্য পুৰুষ সন্তৰাম চৌধুৰী”, “শংকৰদেৱ বঁটা বিজয়ী সাহিত্যিক কীৰ্তিনাথ হাজৰিকা”, “বিশ্বনাথ চাৰিআলি অধিবেশনৰ পূজাৰীসকল” জীৱনী গ্রন্থ আৰু “ডুবি-পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্তি”, “ডুবি-পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্য”, “শিল্পী-জীৱনী কোষ (প্রথম খণ্ড)” গৱেষণামূলক গ্রন্থৰ উপৰি কুৰিৰো অধিক গ্ৰন্থ সম্পাদনা কৰি অসমীয়া সাহিত্যৰ ভড়াল টনকিয়াল কৰা চৌধুৰীয়ে কহিনুৰ থিয়েটাৰৰ মুখপত্ৰ “কৰণি”ৰ চতুৰ্থ বৰ্ষৰ পৰা বহু বছৰ ধৰি সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ পাঠশালাৰ সমাজ জীৱনৰ এগৰাকী দায়বদ্ধ ব্যক্তি হিচাপে পৰিচিত চৌধুৰী কহিনুৰ থিয়েটাৰ, পাঠশালা সাংস্কৃতিক সংঘ, পাঠশালা সাহিত্য সভা, পাঠশালা যুৱক সংঘ, অসম বিজ্ঞান সমিতি, বজালী প্রগতি সংঘ, অসম নাট্য সন্মিলন, বজালী জিলা কৰ্মচাৰী পৰিষদ আদিৰ লগত নিবিড়ভাবে জড়িত হোৱাৰ লগতে পাঠশালা প্ৰেছ ক্লাব অন্যতম হোতা আছিল৷ উল্লেখ্য যে পাঠশালা নগৰৰ হাউলী ৰোডত নিৰ্মীয়মান পাঠশালা প্ৰেছ ক্লাবৰ ভূমিদাতা আছিল সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত চৌধুৰী৷ তেওঁৰ মৃত্যুত পাঠশালাত শোকৰ ছাঁ পৰিছে৷ বহুধা প্ৰতিভাসম্পন্ন ব্যক্তিগৰাকীৰ বিয়োগৰ খবৰ লাভ কৰাৰ পিছতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰয়াত সতীশ চন্দ্ৰ চৌধুৰীৰ ঘৰলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৃত্যৰ সময়ত সহধৰ্মিনী, দুগৰাকী ভাতৃ, এগৰাকী পুত্ৰ-বোৱাৰী, এগৰাকী জী-জোৱাই সহ বহু আত্মীয়ক এৰি থৈ যোৱা চৌধুৰীৰ বিয়োগত পাঠশালা প্ৰেছ ক্লাব, পাঠশালা সাহিত্য সভা,বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰী, আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ ড৹ ৰণজিৎ ডেকা, অসম সৌৰভ কৃষ্ণ ৰয়, বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰী, বিশিষ্ট নিবন্ধকাৰ পুলু কুমাৰ শৰ্মা, প্ৰাক্তন সাংবাদিক টিকেন্দ্ৰজিৎ কলিতা, বজালী জিলা বাৰ্তাজীৱী সংঘ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মৃদুল তালুকদাৰ, বজালী ৰাইটাৰ্চ ফ’ৰাম, কহিনুৰ থিয়েটাৰৰ মুখপত্ৰ কৰণিৰ সম্পাদক পুৰন্দৰ পাটগিৰি আৰু কল্যাণ কলিতা, পাঠশালা সাংস্কৃতিক সংঘ, বজালী প্রগতি সংঘ, বজালী জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষেশ্বৰ দাস, গ্ৰীণ মিছন বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰ, সমাজকৰ্মী গিৰীশ পাটগিৰী, জালিখাটা শিৱথান সমিতিৰ বিষয়ববীয়া ভাস্কৰ কলিতা, কিশোৰ পাঠক, পাঠশালা উন্নয়ন সমিতি, পাঠশালা ৰঙালী বিহু সন্মিলনী আদি ব্যক্তি তথা অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে৷ ইপিনে পাঠশালা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি তথা ভূমিদাতা পুৰোধা গৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটা খবৰ লাভ কৰাৰ পিছতে পাঠশালা প্ৰেছ ক্লাবৰ উদ্যোগত এখন শোক সভা অনুষ্ঠিত কৰা হয়৷ পাঠশালা প্ৰেছ ক্লাবৰ সভাপতি পুলু কুমাৰ শৰ্মা, সম্পাদক ৰঞ্জিত দাসৰ লগতে জ্যেষ্ঠ সাংবাদিক কৈলাস চৌধুৰী, হীৰেণ কলিতা, অখিল কাকতি, কল্যাণ কলিতা, গণেশ আগৰৱালা সমন্বিতে ক্লাবৰ কাৰ্যকৰ্তাসকলে প্ৰয়াত চৌধুৰীৰ বিভিন্ন ক্ষেত্ৰত অৱদানৰ বিষয়ে উল্লেখ কৰি তেওঁৰ স্মৃতিচাৰণ কৰি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনাৰে শোকসন্তপ্ত পৰিয়ালৰ দুখৰ সমভাগী হোৱাৰ কথা ব্যক্ত কৰে৷

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ শোক প্ৰকাশ
বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, প্ৰাক্তন উপ-সভাপতি, বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , সাংবাদিক, অক্লান্ত সমাজকৰ্মী, সাহিত্যিক পেঞ্চনাৰ সতীশ চন্দ্ৰ চৌধুৰীৰ বিয়োগত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে। আজি এক শোক বাৰ্তাত মন্ত্ৰী দাসে কয় যে জীৱন কালত প্ৰয়াত সতীশ চন্দ্ৰ চৌধুৰীয়ে ৰাজ্যখনৰ সাহিত্য, সংবাদ জগত তথা সমাজ জীৱনলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে। প্ৰয়াত চৌধুৰীয়ে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, গুৱাহাটী কাৰ্যালয়ৰ সহকাৰী সম্পাদক, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক, বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি, অসম সাহিত্য সভাৰ উপ-সভাপতি হিচাপে সাহিত্য সভাক শক্তিশালী কৰাৰ দিশত যথেষ্ট অৱদান আগবঢ়াই গৈছে। এগৰাকী সাংবাদিক হিচাপেও তেখেতে কেইবাখনো কাকতত সংবাদদাতা হিচাপে অৰিহণা আগবঢ়াই গৈছে৷ তদুপৰি কেইবাখনো মুল্যৱান গ্রন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁড়াল তেওঁ চহকী কৰি গৈছে৷ এইগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজ কৰ্মীৰ বিয়োগ আমাৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্ত্ৰী দাসে কয়। মন্ত্ৰী দাসে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

প্ৰেৰক কল্যাণ কলিতা

You might also like