গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ উৎপলা ফুকনৰ দেহাৱসান
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মে’ : গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ, মহানগৰীৰ হাতীগাঁওস্থিত ব্লু বেল স্কুলৰ স্বত্বাধিকাৰী তথা অধ্যক্ষা উৎপলা ফুকনৰ যোৱানিশা প্ৰায় ২-১৫ বজাত আকস্মিকভাৱে মহানগৰীৰ হাতীগাঁৱৰ নীলগিৰি পথ স্থিত নিজ বাসভৱনত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ। কালিৰ দিনটোত উলহ মালহেৰে নিজৰ জন্মদিন উদযাপন কৰা উৎপলা ফুকনে মৃত্যুৰ আগমুহূৰ্তলৈ সকলোৰে সতে হাঁহি মাত কথা পাতি আছিল। ১৯৫৭ চনৰ ২৯ মে’ত শ্বিলঙত জন্মগ্ৰহণ কৰা উৎপলা ফুকন আছিল গোলাঘাটৰ টংকেশ্বৰ শইকীয়া আৰু প্ৰেমলতা শইকীয়াৰ জ্যেষ্ঠ কন্যা। কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত সুনীল কুমাৰ ফুকনৰ সহধৰ্মিনী উৎপলা ফুকনে অসম গণ পৰিষদৰ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি কাউন্সিলৰ ৰূপে নিৰ্বাচিত হোৱাৰ উপৰি ২০০০ চনত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ৰূপে নিৰ্বাচিত হয়। ১৯৯৪ চনত তেওঁ হাতীগাঁৱত ব্লু বেল স্কুল নামৰ শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰাৰ লগতে নিজে অধ্যক্ষৰ দায়িত্ব পালন কৰে। আমৃত্যু তেওঁ এই দায়িত্ব পালন কৰি যায়। এগৰাকী বিশিষ্ট সমাজকৰ্মী উৎপলা ফুকনে মৃত্যুৰ সময়ত তিনিগৰাকী কন্যা ভাস্বতী, শ্বাশ্বতী, অশ্বিনী, জোৱাই, নাতিকে ধৰি ভালেমান আত্মীয় স্বজনক এৰি যায়। আজি দুপৰীয়া নৱগ্ৰহ শ্মশানত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। সৰবৰাহী সমাজকৰ্মীগৰাকীৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁ বাসভৱনলৈ অসংখ্য গুণমুগ্ধৰ সোঁত ববলৈ ধৰে। স্থানীয় বিধায়ক অতুল বৰা, গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা বিশিষ্ট সমাজকৰ্মী মীৰা বৰঠাকুৰ, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিল কমলেশ্বৰী ৰাভা, অনু সন্দিকৈ, ৰমেন দাসকে প্ৰমুখ্য কৰি বিভিন্ন বিশিষ্ট ব্যক্তি, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি উৎপলা ফুকনৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ব্লু বেল স্কুলে পুৱা বিদ্যালয় প্ৰধান গৰাকীক শ্ল’ মাৰ্চৰে সন্মান জনাই তেওঁৰ নশ্বৰ দেহত ফ্লেগ প্ৰদান কৰাৰ লগতে বিদ্যালয়ৰ পতাকা অৰ্ধনমিত কৰে। স্থানীয় ব্যৱসায়ী সকলে ব্যৱসায় বন্ধ ৰাখি বিশিষ্ট সমাজকৰ্মীগৰাকীলৈ সন্মান প্ৰদৰ্শন কৰে।উৎপলা ফুকনৰ মৃত্যুত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, স্থানীয় গাঁওপ্ৰধান জামাল ৰহমান, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হক, শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ সভাপতি অনিল কলিতা, সম্পাদক জ্যোতি কলিতা ডেকা, বৃহত্তৰ হাতীগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি আব্দুল জাহিৰ, সম্পাদক ৰাণা আহমেদ, বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ সভাপতি মানসী আদিল, সম্পাদক পাৰবীন হুছেইন, অসম গণ পৰিষদৰ ৱাৰ্ড সমিতিৰ সভাপতি বাবুল আহমেদ, সম্পাদক সুভাষ শৰ্মা, হাতীগাঁও সিজুবাৰী ছাত্ৰ সন্থা, হাতীগাঁও সিজুবাৰী নাগৰিক সমিতি, হাতীগাঁও সিজুবাৰী ব্যৱসায়ী সন্থা, বৃহত্তৰ হাতীগাঁও সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতি (কেতেকীতল), বৃহত্তৰ হাতীগাঁও দুৰ্গা পূজা উদযাপন সমিতি (নামঘৰ), হাতীগাঁও সিজুবাৰী ব’হাগী উৎসৱ উদযাপন সমিতি, হাতীগাঁও মহিলা সমাজৰ ৰঙালী বিহু সমাৰোহ সমিতি, হাতীগাঁও ৰাজহুৱা নামঘৰ পৰিচালনা সমিতি, হাতীগাঁও চাৰিআলি জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতি লুটফুৰ ৰহমান, সম্পাদক তাজুদ্দিন আহমেদ, হাতীগাঁও সিজুবাৰী কবৰস্থান পৰিচালনা সমিতি সভাপতি ৰেকিবুদ্দিন আহমেদ, সম্পাদক আজনুৰ আলী, কমন মেনৰ আহ্বায়ক আজিজুৰ ৰহমান শইকীয়া, হাতীগাঁও মহিলা সমিতি, হাতীগাঁও উন্নয়ন মহিলা সমিতি, মিলন নগৰ মহিলা সমিতি, হাতীগাঁও পাইপ লাইন ব’হাগী উৎসৱ উদযাপন সমিতি, হাতীগাঁও হাইস্কুল পৰিচালনা সমিতি, লিটল ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পৰিচালনা সমিতি,ৰাজেন্দ্ৰ নাৰায়ণ দেৱ মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতি, সিজুবাৰী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি, সিজুবাৰী ৰেডিয়েন্ট যুৱ সংঘ, হাতীগাঁও বিকাশ মঞ্চ, অসম কবি সমাজ, চিৰসেউজ বিহু দল, নীলগিৰি পথ উন্নয়ন সমিতি, হাতীগাঁও লেখিকা সংস্থা প্ৰভৃতি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।