বিশেষ বাৰ্তা, ১৮ মাৰ্চ : ৰাজনীতিত সকলো সম্ভৱ ! সমাগত লোকসভা নিৰ্বাচন। বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে কঁকালত টঙালি বান্ধিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে। দিনে-নিশাই সভা-সমিতি অনুষ্ঠিত কৰি ভোটাৰক আকৰ্ষিত কৰিবলৈ তৎপৰ হৈছে। ইয়াৰ মাজতে এখন ফটো সম্প্ৰতি বহুলভাৱে চৰ্চালৈ আহিছে। ভতিজাক গৌৰৱ গগৈৰ সৈতে নহয়, যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সৈতেহে দেখা গ’ল প্ৰাক্তন সাংসদ দীপ গগৈক। ফটোখন প্ৰচাৰ হোৱাৰ পিছতে ৰাজনৈতিক মহলত খলকনি উঠিছে। উল্লেখ্য যে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ সাংসদ তথা প্ৰাক্তন সাংসদ দীপ গগৈৰ ভতিজাক গৌৰৱ গগৈ আৰু বিজেপি দলৰ তপন গগৈয়ে প্ৰতিদ্বন্দ্বিতাত নামিছে। সেয়ে এই ফটোখনে বিশেষ তাৎপৰ্য বহন কৰিছে। তদুপৰি ৰাজনৈতিক মহলত নানান চৰ্চা চলিছে এই ফটোখনক লৈ। সাংসদ দীপ গগৈয়ে ভতিজাক গৌৰৱ গগৈৰ সলনি তপন কুমাৰ গগৈকহে সমৰ্থন আগবঢ়াব নেকি বুলিও ৰাজনৈতিক মহলত চৰ্চা চলিছে।