নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন সাংসদ ৰাণী নৰহক ৬ ঘণ্টা জেৰা চিএম ভিজিলেঞ্চৰ

🔹 যোৰহাটত ১ কোটিটকীয়া দমকল কেলেংকাৰি

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : সাংসদ পুঁজিৰ ধনৰ অপব্যৱহাৰ সন্দর্ভত আজি ৬ ঘণ্টাজুৰি মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষৰ জেৰাৰ সন্মুখীন হয় একালৰ প্রবল প্রতাপী সাংসদ ৰাণী নৰহ৷ আজি দিনৰ ১১ বজাত উলুবাৰীৰ ৰূপনগৰৰ মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষৰ মুখ্য কার্যালয়ত স্বামী তথা প্রাক্তন মন্ত্রী ভৰত নৰহসহ উপস্থিত হয় ৰাণী নৰহ ৷ দিনৰ ১১ বজাৰ পৰা বিয়লি প্রায় ৫ বজালৈকে তদাৰকী কোষৰ তদন্তকাৰী বিষয়াই জেৰা চলালে প্রাক্তন সাংসদ ৰাণী নৰহক৷ লক্ষণীয় যে সাংসদ হৈ থকা সময়তে ২০১৩–১৪ বিত্তীয় বর্ষত যোৰহাট জিলাত দমকল বহুওৱাক লৈ প্রায় এক কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছিল সাংসদ তথা তদানীন্তন ৰাজ্যিক কেন্দ্রীয় মন্ত্রী ৰাণী নৰহৰ সাংসদ পুঁজিত৷ এই বিত্তীয় কেলেংকাৰি সন্দর্ভত কেগে এক ৰিপ’ৰ্ট দাখিল কৰাৰ পিছত ২০১৭ চনত মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষে ৪/২০১৭ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল৷ উক্ত গোচৰটোৰ তদন্ত আগবঢ়াই মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষে যোৱা ১ ছেপ্টেম্বৰত অঞ্জনাভ চলিহা আৰু জিতুমণি দত্ত নামৰ দুজন বিষয়াক গ্রেপ্তাৰ কৰিছিল৷ ধৃত বিষয়াদ্বয়ৰ ভিতৰত অঞ্জনাভ চলিহা বর্তমান অৱসৰপ্রাপ্ত অসম প্রশাসনিক সেৱাৰ বিষয়া হোৱাৰ লগতে জিতুমণি দত্ত মাজুলী জিলাৰ সহকাৰী পৰিকল্পনা বিষয়া হিচাপে কর্মৰত হৈ আছিল৷ কেলেংকাৰিটো সংঘটিত হোৱাৰ সময়ত উক্ত বিষয়াদ্বয়ে যোৰহাট জিলাত কর্মৰত হৈ আছিল৷ জিলাখনৰ জনসাধাৰণৰ খোৱাপানীৰ সুবিধার্থে গভীৰ নলীনাদ আৰু দমকল বহুওৱাৰ বাবে এক কোটি টকা সাংসদ নৰহৰ সাংসদ পুঁজিৰ পৰা আবণ্টন দিয়া হৈছিল৷ কিন্তু কোনোধৰণৰ কাম নকৰাকৈয়ে ধৃত বিষয়াদ্বয়ে সাংসদ পুঁজিৰ পৰা ধন মোকলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছিল৷ বর্তমানে দুয়োজন বিষয়া কাৰাগাৰত আছে৷ আজি উক্ত কেলেংকাৰি সন্দর্ভতে দিনজুৰি তদন্তকাৰী বিষয়াই জেৰা চলায় তদানীন্তন সাংসদ ৰাণী নৰহক৷ উল্লেখ্য যে ২০১৯ চনতো উক্ত কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষে তদানীন্তন সাংসদ ৰাণী নৰহক চমন জাৰি কৰিছিল৷ তেতিয়াও ৰাণী নৰহে তদাৰকী কোষত উপস্থিত হৈ নিজৰ ভাষ্য প্রদান কৰিছিল৷ আজি আৰক্ষীৰ জেৰাৰ অন্তত তদানীন্তন সাংসদ ৰাণী নৰহে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা–বতৰাত কয় যে এমপিএলএড ফাণ্ডৰ গোচৰ সন্দর্ভতে তদন্তকাৰী বিষয়াই সোধা–পোছা কৰে৷ সাক্ষী হিচাপে মোৰ পৰা কিছু কথা তেওঁলোকে জানিব বিচাৰিছিল৷ মই যিখিনি জানো তেওঁলোকক ক’লোঁ৷ মই নিজেও সন্তুষ্ট৷ আশা কৰোঁ তেওঁলোকো মোৰ ভাষ্যত সন্তুষ্ট৷ দিনজুৰি ছয় ঘণ্টা জেৰা চলালেও এয়া এটা গতানুগতিক ঘটনা বুলিহে মন্তব্য কৰিলে প্রাক্তন সাংসদগৰাকীয়ে৷ ভৱিষ্যতেও যদি তেওঁক মতা হয় তেওঁ পুনৰ উপস্থিত হ’ব বুলি কয়৷ ইপিনে, সাংসদগৰাকীক জেৰা সন্দর্ভত মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষৰ এটা সূত্রই সদৰী কৰা মতে, সাংসদ পুঁজিৰ খেলিমেলি সন্দর্ভত তেওঁৰ ভাষ্য গ্রহণ কৰা হয়৷ প্রয়োজনত পৰৱর্তী সময়তো পুনৰ জেৰাৰ বাবে তেওঁক মতাৰ সম্ভাৱনা আছে বুলি সূত্রটোৱে লগতে কয়৷ মন কৰিবলগীয়া যে সাংসদ পুঁজিৰ ধনৰ কেলেংকাৰিৰ লগতে প্রাক্তন সাংসদ ৰাণী নৰহ আৰু তেওঁৰ স্বামী ভৰত নৰহৰ বিৰুদ্ধে আছে চৰকাৰী ভূমি বেদখলৰ গুৰুতৰ অভিযোগ৷ শেহতীয়াকৈ লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ক্ষমতাৰ অপব্যৱহাৰ কৰি নৰহ দম্পতীয়ে বন্যাক্রান্ত ৰাইজক সংস্থাপিত কৰা ভূমি উচ্ছেদ কৰি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ উচ্ছেদৰ পিছত বৃহৎ চৰকাৰী ভূমিত নৰহ দম্পতীয়ে এখন চাহ বাগিচাও খোলাৰ অভিযোগ কৰিছে বিধায়ক ডেকাই৷

You might also like