নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : শিঙিমাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন অধ্যক্ষ প্ৰশান্ত ৰঞ্জন সেনৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩ বছৰ ৷ প্ৰশান্ত ৰঞ্জন সেনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ উত্তৰ নগাঁৱত শোকৰ ছাঁ পেলাইছে ৷ শিঙিমাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিজ্ঞান শিক্ষক হিচাপে চাকৰিত যোগদান কৰি ২০০১ চনত পদোন্নতি লাভ কৰি অধ্যক্ষৰ আসনত অধিষ্ঠিত হৈছিল সেন ৷ অধ্যক্ষৰ পৰা ২০০৯ চনত শিঙিমাৰী মহম্মদ আলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ তেওঁৰ মৃত্যুত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন সহকৰ্মীসকলে গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ সদগতি কামনা কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু একমাত্ৰ পুত্ৰ সন্তানক ইহসংসাৰত এৰি যায় ৷
প্ৰেৰক জহিৰুল ইছলাম