নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ স্বাধীন অসমৰ সপোন ৰচি হঠাৎ এদিন এজাক তৰুণে ঢাপলি মেলিছিল অৰণ্যলৈ৷ হাতত তুলি লৈছিল অত্যাধুনিক অস্ত্ৰ৷ ইয়াৰে এজাক তৰুণে এতিয়াও হাতত অস্ত্ৰ লৈ স্বাধীন অসমৰ দাবীত বিপ্লৱ অব্যাহত ৰাখিছে যদিও অসমৰ এক শক্তিশালী সহস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসমৰ এটা পক্ষ্যই যুদ্ধ বিৰতি ঘোষণা কৰি দীৰ্ঘদিনীয়া অসম ভাৰত সংঘাটৰ এক ৰাজনৈতিক আলোচনাৰে সমাধানৰ পোষকতা কৰে৷ তিনিচুকীয়া জিলাৰ কাকপথাৰত যুগ্ধ বিৰতি গোটৰ শিবিৰ স্থাপত কৰি সংগঠনটোৰ একাংশ নেতাই অব্যাহত ৰাখিছে চৰকাৰৰ হৈছে আলোচনা।
সমান্তৰালভাৱে এই সংগঠনে একাংশ সদস্যই চলাই নিছে আন এক উল্লেখযোগ্য বিপ্লৱ। এই যুদ্ধ বিৰত গোটৰ কাকপথাৰ চেলেংগুৰিস্হিত ২৫জনীয়া সদস্যৰ দ্বাৰাই তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ খুটিপথাৰ নামৰ ঠাইত গঢ়ি উঠিছে সেউজ বিপ্লৱ৷ ২৫ জনীয়া যুদ্ধ বিৰত গোটৰ সদস্যৰ দলটোৱে ছৈখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় ত্ৰিশ বিঘাৰ মাটিত গঢ়ি তুলিছে “কাকপথাৰ নৱনিৰ্মান বহুমুখী সমবায় সমিতি ”নামৰ বৃহৎ প্ৰতিষ্ঠান ৷ যুদ্ধ বিৰত গোটৰ অন্যতম সদস্য ৰাজেন বৰাই জানিবলৈ দিয়া অনুসৰি সমবায় সমিতিৰ সদস্য সকলৰ মাজত ত্ৰিশ বিঘা মাটিক বিভিন্নজন সদস্যৰ মাজত বিতৰণ কৰি দিয়া হৈছে৷ সদস্য সকলে সেই নিজৰ মাটিতেই হাঁহ, কুকুৰা, ছাগলী, গাহৰি আদি পালন কৰাৰ লগতে কবি, বিলাহী, তিয়ঁহ, বেঙেনা, অমিতা, জিকা আদি খেতি কৰিছে ৷ খেতিৰ সেই উৎপাদিত ফচলক বজাৰত বিক্ৰী কৰি সেই যুদ্ধ বিৰত ২৫ জন সদস্য ক্ৰমাৎ স্বাৱলম্বী হৈ পৰিছে৷ প্ৰায় দুবছৰ পূৰ্বেই ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সাৰুৱা ভূমিত স্হাপন কৰা সংযুক্ত মুক্তি বাহিনীৰ যুদ্ধবিৰত গোটৰ সদস্যসকলৰ দ্বাৰা গঠিত কৃষি পামখনৰ ফচলত কোনো ৰাসায়নিক ঔষধ প্ৰয়োগ নকৰাত উৎপাদিত ফচলৰ চাহিদা বজাৰত ক্ৰমাৎ বৃদ্ধি পোৱা বুলিও জানিব পৰা গৈছে৷ আনহাতে যুদ্ধবিৰত গোটৰ একাংশ সদস্যই উক্ত কৃষি পামখনতে পৰিয়াল লৈ হাঁহ-কুকুৰা, ছাগলী, গাহৰি আদি পালন আৰু দীৰ্ঘম্যাদী উদ্ভিদ তামোল, চজিনা আদি খেতিটো মনোনিৱেশ কৰাত ইয়ো এক লাভজনক ব্যৱসায় হৈ পৰাৰ সমান্তৰালভাৱে এলেকাটো ক্ৰমাৎ গ্ৰাম্যঞ্চললৈ ৰূপান্তৰিত হৈ পৰিছে ৷ মাজে মাজে উক্ত নৱনিৰ্মান বহুমুখী সমবায় সমিতিখনলৈ আলফাৰ যুদ্ধ বিৰত গোটৰ অন্যতম জেষ্ঠ নেতা মৃৰ্ণাল হাজৰিকা আহি সদস্যসকলক বিভিন্ন দিহা পৰামৰ্শৰ লগতে ভবিষ্যত পৰিকল্পনাৰ বিষয়েও আলোচনাত মিলিত হোৱা বুলি সদস্য সকলৰ মুখেৰে জানিব পৰা গৈছে৷ একাংশ যুদ্ধ বিৰত গোটৰ সদস্যৰ বিষয়ে ধন দাবী, ভাবুকি দিয়া অভিযোগ সততে শুনি থকাৰ সময়তে ছৈখোৱাত যুদ্ধ বিৰত সদস্যৰ দ্বাৰাই সেউজ বিপ্লৱৰ সূচনা হোৱা কায্যক এলেকাটোৰ বহু ৰাইজে প্ৰশংসা কৰা শুনিবলৈ পোৱা গৈছে৷ আনহাতে তিনিচুকীয়া জিলাৰ ছৈখোৱাত যুদ্ধ বিৰত গোটৰ সদস্যৰ লগতে অন্যান্য কৃষকে প্ৰচুৰ পৰিমাণৰ শাকপাচলি উৎপন্ন কৰে যদিও এলেকাটোত বৰ্তমান লৈকে “শীতলীকৰণ ভঁৰাল” গঢ়ি নুঠাত উৎপাদিত শাকপাচলি অতি মূল্যতে মধ্যভোগীক বিক্ৰী কৰিবলগীয়াত পৰিছে৷ যাৰ ফলত দীৰ্ঘদিনে ছৈখোৱাৰ শাক পাচলি উৎপাদন কৰা কৃষক সকল ক্ষতিগ্ৰস্ত হৈ আহিছে৷ এই সমস্যাটো উপলব্ধি কৰিয়েই ছৈখোৱাৰ নৱনিৰ্মান বহুমুখী সমবায় সমিতিৰ যুদ্ধ বিৰত গোটৰ সদস্য সকলে বৃহত্তৰ ছৈখোৱা অঞ্চলক সামৰি ছৈখোৱাত এটা অত্যাধুনিক “শীতলীকৰণ ভঁৰাল ” নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷
প্ৰেৰক ঋতুপৰ্ণ সোনোৱাল