নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰোগত আক্ৰান্ত টিহুৰ প্ৰাক্তন আছু কৰ্মী নিদৰ্শন শৰ্মা

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ অথাই সাগৰত পৰিছে টিহুৰ শিয়ালমাৰীৰ নিদৰ্শন শৰ্মা নামৰ এগৰাকী প্ৰাক্তন আছু কৰ্মী। দুয়োটা বৃক্ক বিকল হোৱাত তেওঁৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। চিকিৎসকে অচিৰে বৃক্ক সংৰোপনৰ পৰামৰ্শ দিছে যদিও প্ৰয়োজনীয় অৰ্থৰ অভাৱত সেয়া সম্ভৱ হোৱা নাই প্ৰাক্তন আছু কৰ্মীগৰাকীৰ। গুৱাহাটীত এটি ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত নিদৰ্শন শৰ্মাই সামান্য আয়েৰে কোনোমতে পৰিয়াল পোহপাল দি আহিছিল যদিও শেহতীয়াকৈ তেওঁৰ এই গুৰুতৰ ৰোগ পোহৰলৈ অহাত দিশহাৰা হৈ পৰিছে তেওঁৰ পত্নী আৰু কণমানি কন্যা সন্তান। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী নিদৰ্শন শৰ্মাৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে এতিয়া সহায় বিচাৰিছে চৰকাৰ,দল সংগঠন তথা ব্যক্তি বিশেষৰ। নিদৰ্শন শৰ্মাক সহায় কৰিবলৈ তেওঁৰ মোবাইল নম্বৰ 91012778120 আৰু এক্সিচ বেংকৰ গুৱাহাটীৰ হেঙেৰাবাৰী শাখাত থকা একাউণ্ট নম্বৰঃ-918010010433392 (Swift Code-AXISINBB140)

প্ৰেৰক গুণজিৎ কলিতা

You might also like