🔹 সাহিত্য সভাত ‘নিয়মীয়া বার্তা’–‘নিউজ লাইভ’ৰ অনুষ্ঠান
🔹 উদ্বোধন সম্পাদক নৰেশ কলিতাৰ
বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : চিৰ চেনেহী ভাষা জাননীৰ সেৱাত উদুলি–মুদুলি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশন৷ পাঠশালাৰ ভট্টদেৱ ক্ষেত্রত কালিৰে পৰা আৰম্ভ হৈছে এই অধিৱেশন৷ ৰাজ্যৰ ভাষাৰ সেৱাত চিৰপ্রৱহমান সর্ববৃহৎ জাতীয় সংগঠনটোৰ এই অধিৱেশনত প্রতিটো প্রজন্মৰ লগত ভিন্ন বিষয় লৈ ‘নিয়মীয়া বার্তা’ৰ উদ্যোগত তথা ‘নিউজ লাইভ’ৰ সহযোগত অনুষ্ঠিত কৰা হৈছে বিশেষ আলাপ অনুষ্ঠান৷ এই অধিৱেশনৰ প্রদর্শনীত আটাইকেইটা দিনতে ভিন্ন বিষয়ৰ ওপৰত এই আলাপ অনুষ্ঠান অধিৱেশনৰ প্রদর্শনীত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ বিশেষ সংৰক্ষিত প্রেক্ষাগৃহত অনুষ্ঠিত হৈছে৷ অধিৱেশনৰ কালি প্রথম দিনটোত সাহিত্য, শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্রলৈ বজালীবাসীৰ অৱদান শীর্ষক আলাপ অনুষ্ঠান উদ্বোধন কৰে ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতাই৷ সম্পাদক কলিতাই কয়– আমি অসমীয়া লোকসকল যথেষ্ট আৱেগিক৷ এই আৱেগৰ মূল কাৰণ আমাৰ এই ভাষাটো৷ আমি ভাষাক লৈ জীয়াই থাকিব বিচাৰোঁ, ভাষাটোৰ সুৰক্ষা বিচাৰোঁ৷ এই ভাষাটোৰ সংবর্ধনৰ ক্ষেত্রত অসম সাহিত্য সভাই শতিকাজুৰি অৱদান আগবঢ়াই আহিছে ৷ যদিও অসম সাহিত্য সভাক লৈ বিগত সময়ছোৱাত আমাৰ বিভিন্ন ক্ষোভ–আৱেগ আছে, তথাপি কিন্তু আমি অসম সাহিত্য সভাকে আমি ভাষাৰ জাতীয় সংগঠন হিচাপে মান্যতা দি আহিছোঁ ৷ আজিৰ তাৰিখত এই ভাষাৰ চর্চাৰ বাবে নতুন প্রজন্ম আগবাঢ়ি আহিব লাগে৷ আজিৰ এই পৱিত্র দিনটোত আমি এই অধিৱেশনৰ পৰা ভট্টদেৱৰ অৱদান শ্রদ্ধাৰে সুঁৱৰিছোঁ৷ পাঁচশ বছৰ আগতে ভট্টদেৱে গদ্য সাহিত্যৰে আমাক চহকী কৰি থৈ গৈছে ৷ তেওঁৰ সেই পথ আজিৰ নৱপ্রজন্মই অনুসৰণ কৰিব বুলি আমি আশাবাদী ৷ জ্যেষ্ঠ সাংবাদিক ব্রজেন তালুকদাৰে আঁত ধৰা এই অনুষ্ঠানটোত বজালী অঞ্চলক শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্রত গৌৰৱান্বিত কৰা অঞ্চলটোৰ আঢ়ৈকুৰি বিশিষ্ট নাগৰিকে অংশগ্রহণ কৰে৷ এই অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্রহণ কৰি শিক্ষাবিদ-সাহিত্যিক মুনীন্দ্র নাৰায়ণ গোস্বামীয়ে কয় যে সাহিত্যৰ ক্ষেত্রত বজালী অনন্য আৰু একক৷ সেই দিশৰ পৰা বজালীৰ সাহিত্যৰ ক্ষেত্রত ভট্টদেৱৰ কথা সুঁৱৰি আৱাহন যুগৰ দীননাথ শর্মা, স্বভাৱ কবি কালিদাস খাটনিয়াৰ, হৰেন্দ্রনাথ শর্মা, ফণীন্দ্র কুমাৰ দেৱচৌধুৰী, ভৱানন্দ দত্ত ,যতীন গোস্বামীৰ পৰা নীলিম কুমাৰলৈ আদি সাহিত্যিকৰ কথা সোঁৱৰণ কৰে৷ আনপিনে, শিক্ষাৰ ক্ষেত্রত কামেশ্বৰ দাসকে ধৰি অঞ্চলটোৰ কেইবাগৰাকী শিক্ষাবিদৰ কথা শ্রদ্ধাৰে সোঁৱৰে আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষ ড০ ৰঞ্জিত ডেকাই৷ আন এগৰাকী বিশিষ্ট ব্যক্তি বিশ্বেশ্বৰ বৰুৱাই এই সাহিত্য সভাৰ অধিৱেশনৰ জৰিয়তে অঞ্চলটোৱে শিক্ষা–সাহিত্য–সংস্কৃতিয়ে ন–ৰূপ পাব বুলি আশা ব্যক্ত কৰে ৷ ইয়াৰ উপৰি এই আলাপ অনুষ্ঠানত লোকগীতৰ শিল্পী বসন্ত পাটগিৰী, ডাঃ হিতেশ তালুকদাৰে লোকগীত পৰিৱেশন কৰি সকলোকে আমোদ দিয়ে ৷ বসন্ত পাটগিৰিয়ে লোক–সংস্কৃতিৰ ক্ষেত্রত বজালী অতি চহকী বুলি সদৰী কৰি এটাৰ পিছত আনটো লোকগীত পৰিৱেশন কৰে৷ আৱাহন থিয়েটাৰৰ প্রতিষ্ঠাপক কৃষ্ণ ৰয়ে বজালীত ভ্রাম্যমাণ থিয়েটাৰৰ জন্ম কাহিনী সুঁৱৰি ভ্রাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰক শ্রদ্ধাৰে সোঁৱৰণ কৰে৷ এই অনুষ্ঠানতে অধ্যাপক তথা চলচ্চিত্র নির্মাতা ৰাজেন দাসে বজালীৰ কথা কৈ সুখ প্রকাশ কৰে৷ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র বঁটাপ্রাপক চলচ্চিত্রৰ দিশত বজালীক আগবঢ়াই নিয়াৰ কথাও তেওঁ সদৰী কৰে৷ অনুষ্ঠানত ধীমান বর্মন আৰু কৌশিক কিশলয়ে কবিতা পাঠ কৰি সকলোকে আহ্লাদিত কৰে৷ এই অনুষ্ঠানত অংশগ্রহণ কৰি সোণত সুৱগা চৰায় আমেৰিকা নিৱাসী বিশিষ্ট বিজ্ঞানী ভাস্কৰ চৌধুৰীয়ে৷ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বজালীৰ সু–সন্তান ভাস্কৰ চৌধুৰীয়ে এই অধিৱেশনত অংশগ্রহণ কৰি অতি নষ্টালজিক হৈ পৰে বুলি মত ব্যক্ত কৰে৷ ইয়াৰ উপৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ তথা প্রাক্তন সাংবাদিক ড০ কৰুণামোহন শর্মাই শিক্ষা সংস্কৃতিৰ ক্ষেত্রত অসমক প্রতিনিধিত্ব কৰিছে বুলি মন্তব্য কৰি আগত দিনত এই অঞ্চলটো অধিক উজলি উঠিব বুলি মত পোষণ কৰে৷ ইয়াৰ উপৰি বজালীৰ এগৰাকী প্রাক্তন সাংবাদিক পুলু শর্মা, বজালীৰ শ্বেত বিপ্লৱৰ অন্যতম কাণ্ডাৰী বিমল শর্মা, স্বভাৱ কবি কালিদাস খাটনিয়াৰৰ নাতি চক্রধৰ খাটনিয়াৰ, মালয়েছিয়া নিৱাসী অভিযন্তা বজালীৰ সু-সন্তান গুণজিৎ দাস প্রমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ৷ উল্লেখ্য যে নিয়মীয়া বার্তাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানৰ মাজতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ বিশেষ সংৰক্ষিত প্রেক্ষাগৃহত আসন গ্রহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্য হাজৰিকা, অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, মুনীন্দ্র শর্মা, প্রফুল্ল বর্মন, প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা আদিকে প্রমুখ্য কৰি অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে৷ ‘নিয়মীয়া বার্তা’ পৰিয়ালৰ লগতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ সমূহ পৰিয়াললৈ শুভেচ্ছা জনাই সাহিত্য সভাৰ অধিৱেশনত ‘নিয়মীয়া বার্তা’ৰ উদ্যোগত তথা নিউজ লাইভৰ সহযোগত অনুষ্ঠিত এই আলাপ অনুষ্ঠানৰ শলাগ লয়৷ উল্লেখ্য যে কালি আলাপ অনুষ্ঠানত অংশগ্রহণ কৰা প্রতিগৰাকী অতিথিক ‘নিয়মীয়া বার্তা’ৰ স্মাৰকেৰে সম্বর্ধনা জনোৱা হয় ৷ কালি আলাপ অনুষ্ঠানৰ মাজতে নন্দেশ্বৰ দাসৰ গ্রন্থ ‘সাৱিত্রী’ উন্মোচন কৰা হয়৷