বার্তা বুৰো, ১৪ নৱেম্বৰঃ মৰিগাঁৱৰ লঠাবড়ী নেহৰু প্ৰাথমিক বিদ্যাপীঠৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱস, ৰাইজৰ উৎসৱৰ লগতে শিশু দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিউটী বৰদলৈয়ে বিদ্যালয়ৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুনে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ লগতে ভাষণ প্ৰসংগত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক শ্ৰদ্ধাৰে সুঁৱৰি ছাত্ৰ-ছাত্ৰীসকলক শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। বিদ্যালয়ৰ ছাত্ৰী প্ৰতিক্ষা বৰদলৈয়ে এটি বৰগীত পৰিৱেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰা অনুষ্ঠানটিত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলি গগৈ ভূঞাই উপস্থিত থাকি প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে বিদ্যালয়খনৰ উত্তৰণত উল্লেখনীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ অৱদানৰ বিষয়ে উল্লেখ কৰি সাৰুৱা বক্তব্য প্ৰদান কৰে। আনহাতে অনুষ্ঠানটিত মৰিগাঁও জিলা শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া ৰাজেন গোস্বামী, সহকাৰী পৰিকল্পনা বিষয়া আবুল কালাম আজাদ, কনকলতা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক যুৱ শৰ্মা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱকান্ত মহন্ত, সদস্য ৰমনী তামুলী প্ৰমুখ্যে কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকে। আনহাতে শিক্ষক ৰাজীৱ চহৰীয়াই আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়খনৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে গীত- নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰে।
প্ৰেৰক প্ৰাঞ্জস দাস