নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : কঠীয়াতলী মনোহৰ গাঁও জাতীয় বিদ্যালয়ে আজি ষষ্ঠ বৰ্ষত ভৰি দিয়া উপলক্ষে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ষষ্ঠ প্ৰতিষ্ঠা দিৱস আনন্দ-উল্লাসেৰে উদযাপন কৰা হয়। শিশুৰ শৈক্ষিক, বৌদ্ধিক আৰু মানসিক বিকাশ সাধনৰ প্ৰতি লক্ষ্য ৰাখি ২০১৮ চনৰ আজিৰ দিনটোত কঠীয়াতলী মনোহৰ গাঁৱত স্থাপন কৰিছিল গাঁওখনৰ উদ্যোগী যুৱক কমলেশ্বৰ শইকীয়াই। বহু ঘাত-প্ৰতিঘাত নেওচি সগৌৰৱে আজি বিদ্যালয়খনে ৬টা বৰ্ষ অতিক্ৰম কৰে। কাৰ্যসূচী অনুযায়ী পুৱা পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পবিত্ৰ দাসে। সেউজী ধৰণী এখন গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্য বন পালক ত্ৰিগুণ তালুকদাৰে অসমৰ বহু প্ৰতিষ্ঠানত বহু মূল্যৱান গছপুলি ৰোপণ কৰি মানৱ জাতিৰ কল্যান সাধন কৰি অহা জ্যেষ্ঠ বন পালক ত্ৰিগুণ তালুকদাৰে দুটাকৈ বকুল পুলি ৰোপণ কৰে। বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় প্ৰাংগণত এখনি মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সভাপতিত্ব কৰে গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তি বিমল দাসে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সঞ্চালক কমলেশ্বৰ শইকীয়াই শৈক্ষিক ক্ষেত্ৰত পিছপৰি থকা গাঁওখনত সেৱা মনোবৃত্তিৰে এখন জাতীয় বিদ্যালয় স্থাপন কৰে। সভাৰ আৰাম্ভণিতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তনয়া শইকীয়াই। সভাত শৈক্ষিক ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক তথা সমাজসেৱক ঘনকান্ত বৰা, জ্যেষ্ঠ বন পালক ত্ৰিগুণ তালুকদাৰ, ব্যৱসায়ী হৰেকৃষ্ণ দাসে। সভাৰ মাজতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে কবিতা আবৃত্তি, নৃত্য-গীতৰ সমাহাৰেৰে এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱশন কৰে। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে টপেশ্বৰ দাস, লাল মিঞাৰ লগতে বিদ্যালয়ৰ শিক্ষয়িত্ৰী অৰ্পণা ডেকাৰজা, নিৰ্মালি কলিতা, ৰক্তিমা শইকীয়া আৰু স্বপ্না দাস। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী তনয়া শইকীয়া আৰু কমলেশ্বৰ শইকীয়াই।
প্ৰেৰক ঘনকান্ত বৰা