নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিৰ্জাত ই পি মিডিয়া ফ’ৰাম, ছাউথ কামৰূপৰ প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰ : দক্ষিণ কামৰূপৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক আৰু সংবাদকর্মীসকলৰ উমৈহতীয়া সংগঠন ই পি মিডিয়া ফ’ৰাম, ছাউথ কামৰূপৰ আজি দিনজোৰা কাৰ্যসূচীৰে ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে ই পি মিডিয়া ফ’ৰাম, ছাউথ কামৰূপৰ সভাপতি ৰতন কলিতাই। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে মুখ্য উপদেষ্টা বলেন কলিতা আৰু কাৰ্যকৰী সভাপতি হিতেন মালীয়ে। তদুপৰি বন্তি প্ৰজ্বলন কৰে সম্পাদকদ্বয় নীৰেন চন্দ্ৰ মালী, গিৰীন্দ্ৰ কলিতা আৰু কোষাধ্যক্ষ হিতেশ কলিতাই ৷ আনহাতে, চাহাব চৌধুৰী, প্ৰদীপ দাস, জিতুমণি দাসকে ধৰি সংগঠনটোৰ বিষয়ববীয়াসকলে পুষ্পাঞ্জলি প্ৰদান কৰে ৷ ইফালে, সম্পাদকদ্বয় নীৰেন চন্দ্ৰ মালী আৰু গিৰীন্দ্ৰ কলিতাই আঁত ধৰা সভাত সভাপতিত্ব কৰে ফ’ৰামৰ সভাপতি ৰতন কলিতাই। সভাত মুখ্য উপদেষ্টা বলেন কলিতাই ই পি মিডিয়া ফ’ৰাম গঠন হোৱাৰে পৰা বিভিন্ন সমাজিক, সাংস্কৃতিক, শৈক্ষিক দিশত কাম কৰি অহা বুলি উল্লেখ কৰি গঠনমূলক ব্যাখ্যা আগবঢ়ায়। সভাত কাৰ্যকৰী সভাপতি হিতেন মালীয়ে ই পি ফ’ৰাম স্থাপিত হোৱাৰে পৰা বিভিন্ন ঘাত-প্ৰতিঘাত নেওচি ত্ৰয়োদশ বাৰ্ষিক বৰ্ষত ভৰি থ’বলৈ সক্ষম হোৱাকে ধৰি বিগত সময়ছোৱাত ফ’ৰামৰ তৰফৰ পৰা সামাজিক তথা ক্ৰীড়া ক্ষেত্ৰত আগভাগ লৈ আহিছে বুলি মন্তব্য কৰে। সভাত উপস্থিত সকলোৱে নিজৰ নিজৰ মনোভাব ব্যক্ত কৰে।

প্ৰেৰক নুৰুল ইছলাম

You might also like