নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাৰ হেঙুলী প্ৰকাশৰ প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ বজালীৰ বৌদ্ধিক জগতত অনবদ্য ভুমিকা গ্ৰহণ কৰি অহা পাঠশালাৰ মেইন চ’কত অৱস্থিত ‘হেঙুলী প্ৰকাশে’ আজি ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷ নিয়মীয়া বাৰ্তা, অসমীয়া প্ৰতিদিন, আমাৰ অসম, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দৈনিক অসম, দৈনিক জনমভূমি আদি কাকতকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়সংখ্যক বাতৰি কাকত আৰু আলোচনী নিয়মীয়াকৈ বিতৰণ কৰাৰ লগতে বিভিন্ন গ্ৰন্থৰ সম্ভাৰেৰে বজালীৰ পঢ়ুৱৈ সমাজৰ সতে এটি মধুৰ সম্পৰ্ক গঢ়ি তোলা এক প্ৰতিস্থান হৈছে হেঙুলী প্ৰকাশ৷ আজি পৰা ২৯ বছৰ পূৰ্বে ১৯৯৪ চনৰ ৮ আগষ্টত বজালীৰ সাহিত্য- সংস্কৃতি আদিৰ সতে নিবিড় ভাবে জড়িত হৈ সমাজৰ উন্নয়ৰ হেতুকে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা প্ৰয়াত নিবাৰণ চৌধুৰী নেতৃত্বত প্ৰতিষ্ঠা হৈছিল পাঠশালাৰ হেঙুলী প্ৰকাশ নামৰ এই গ্ৰন্থ বিপনীখন৷ পাঠশালাৰ এটি সম্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰি সমাজকৰ্মী নিবাৰণ চৌধুৰীয়ে পাঠশালাত পোনপ্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা অনুস্থিত কৰাৰ লগতে বিভিন্ন উৎসৱ উদযাপনৰ লগত প্ৰত্যক্ষভাবে জড়িত হৈ পৰিছিল৷ অসমৰ বৌদ্ধিক জগতৰ চিৰ নমস্য ব্যক্তি প্ৰয়াত হেমেন বৰগোহাঞি, প্ৰয়াত মামনি ৰয়চম গোস্বামী, প্ৰয়াত পৰাগ দাস, অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক তথা অসমৰ সংবাদ জগতৰ পুৰোধা ব্যক্তি কনকসেন ডেকা, বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পুজাৰী, গুৱাহাটীৰ চন্দ্ৰ প্ৰকাশনৰ ৰাজেন্দ্ৰ মোহন শৰ্মা, ড° ৰবিন শৰ্মা আদি স্বনাম ধন্য ব্যক্তিসকলৰ সানিধ্যলৈ আহি নিজৰ কৰ্মজীৱনত এই সকল লোখকৰ বহুতো কালজয়ী গ্ৰন্থ পাঠক সমাজৰ মাজত সময়মতে যোগান ধৰি  কিতাপ পঢ়াৰ এক নতুন অভ্যাস গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছিল প্ৰয়াত নিবাৰণ চৌধুৰীয়ে৷ ২০০১ চনত চৌধুৰীৰ বিয়োগৰ পিছত তেওঁৰ পত্নী প্ৰতিমা চৌধুৰীয়ে  তেতিয়াৰ পৰা এই দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে৷ আজি এই গ্ৰন্থ প্ৰতিষ্ঠান খনৰ ২৯ সংখ্যক বৰ্ষপূৰ্তিৰ শুভ মুহূৰ্তত প্ৰয়াত চৌধুৰীৰ কথা স্মৰণ কৰি পত্নী প্ৰতিমা চৌধুৰীয়ে কয় যে এই প্ৰতিষ্ঠানটোৱে প্ৰয়াত চৌধুৰীৰৰ অনুপস্থিতিৰ কথা বাৰুকৈ অনুভৱ কৰি আহিছে৷ তেওঁৰ হাতৰ পৰশত গঢ় লৈ উঠা প্ৰতিষ্ঠটোৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভ মুহূৰ্তত তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ সতে জড়িত অসমৰ পৰা প্ৰকাশিত বাতৰি কাকত বিতৰণ কৰা হকাৰসকললৈ আন্তৰিক কৃতজ্ঞতা জনায়৷ আজি গ্ৰন্থ বিপনীখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱাৰ ভাগত ২৯টি গছ পুলি বিতৰণ কৰাৰ লগতে পাঠশালাৰ আই অসমী সংঘৰ বাকৰিত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখৰ ফুলনিত গছপুলি ৰোপণ কৰা হয়৷ প্ৰতিষ্ঠাখনৰ এক সুদীৰ্ঘ সময়ৰ পৰিচালক মৃদুল পাঠক আৰু প্ৰয়াত চৌধুৰী পুত্ৰ প্ৰতিম ভৰদ্বাজৰ উপস্থিতিত বজালীৰ বাতৰি কাকতৰ সাংবাদিক সকলৰ সৈতে এক অন্তৰংগ আলাপ মিলিত হোৱাৰ লগতে পাঠশালা পৌৰসভাৰ চাফাই কৰ্মী তথা ওজাপালি শিল্পী ৰতন দাসক প্ৰতিষ্ঠাটোৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে কিছু আৰ্থিক বৰঙনি আগৱঢ়ায়৷ আনহাতে উক্ত অনুষ্ঠানতে বজালীৰ সাংবাদিক কৈলাস চৌধুৰী, ৰঞ্জিত দাস অখিল কাকতি, কল্যাণ কলিতা, হিৰেণ কলিতাকে ধৰি কেবাগৰাকী স্থানীয় সাংবাদিকক কলম আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like