নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী বৰদুৱাৰ বাগানত আজি প্ৰজ্ঞান কলাকেন্দ্ৰৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ ৰাভা হাছং এলেকাৰ অনগ্ৰসৰ অঞ্চলটোৰ নৱপ্ৰজন্মৰ কেইগৰাকীমান চিন্তাশীল যুৱকে এক আলোকসন্ধানী যাত্ৰাৰ প্ৰয়াসেৰে উক্ত কেন্দ্ৰটো গঢ়ি তুলিছিল ৷ বিশেষকৈ অঞ্চলটোৰ শিশু, কিশোৰ-কিশোৰীসকলক গীত-নৃত্য, চিত্ৰকলাকে ধৰি কলা সাধনাৰ বিকাশ আৰু উত্তৰণৰ এক গতিশীল চৰ্চাৰ ধাৰাবাহিকতা ৰক্ষা কৰি দুবছৰ পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ এই উপলক্ষে কেন্দ্ৰটোৰ ফালৰ পৰা অভিভাৱক ৰাইজৰ সহযোগত দিনজোৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাৰ্যসূচী অনুসৰি পুৱা কেন্দ্ৰটোৰ সভাপতি জিণ্টু কলিতাই বন্তি প্ৰজ্বলন কৰাৰ উপৰি উদযাপন সমিতিৰ সভাপতি ছাহজাহান আলীয়ে পতাকা উত্তোলন কৰে ৷ আনহাতে, শিক্ষক ধীৰাজ ৰাভাই স্মৃতি তৰ্পণ কৰে ৷ তদুপৰি শিক্ষক বিজয় চন্দ্ৰ দাস, ধীৰেন চন্দ্ৰ ৰাভা আৰু থানেশ্বৰ ৰাভাই গছপুলি ৰোপণ কৰাৰ উপৰি চিত্ৰ প্ৰদৰ্শনস্থলী মুকলি কৰে অক্ষয় কুমাৰ দাসে ৷ আনহাতে, বিশিষ্ট সংগীত শিল্পী আনন্দ দাসে সাংস্কৃতিক মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ বিশেষকৈ উক্ত দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় ৷ আনহাতে, সাহিত্যিক ভুবিন ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মাটিৰাম ৰাভা আৰু যুগোল কিশোৰ ৰাভাক সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে কেন্দ্ৰটোৰ শিক্ষাৰ্থীসকলে সমৱেত সংগীত, বৰগীত, কবিতা আবৃত্তি, গীত-মাত, নৃত্য আদি পৰিৱেশন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী উপভোগ্য কৰি তোলে ৷
প্ৰেৰক নুৰুল ইছলাম