নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰদুৱাৰ বাগানৰ শ্ৰীশ্ৰী জ্ঞান মন্দিৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ শ্ৰীশ্ৰী জ্ঞান মন্দিৰ বিদ্যালয়ৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱসটি কালি পালন কৰা হয় ৷ লাডুগুৰিস্থিত বিদ্যালয়খনৰ প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা পুষ্পাঞ্জলি প্ৰদান কৰা হয় ৷ আনহাতে, গছপুলি ৰোপণ কাৰ্যসূচীৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ ৰচনাৰে প্ৰকাশ কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা এখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ভুবিন ৰাভাই ৷ তদুপৰি উক্ত অনুষ্ঠানতে বিদ্যালয়খনৰ দুগৰাকীকৈ কৃতী ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয় ৷ অভিভাৱক-অ৩ভিভাৱিকা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৃপেন চন্দ্ৰ ৰাভা, সম্পাদক অপূৰ্ব ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অধ্যক্ষ ৰাজেন চন্দ্ৰ দাসকে ধৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অনুষ্ঠানটি পৰিচালনা কৰে ৷ তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে গুৰুবন্দনা, কবিতা আবৃত্তি, গীত-নৃত্যকে ধৰি বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে ৷

প্ৰেৰক নুৰুল ইছলাম

You might also like