নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত অইলৰ ২০০ বিছনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ২০ জুনঃ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বিকাশৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে অইল ইণ্ডিয়া লিমিটেডে দুলীয়াজানত ২০০খন বিছনাযুক্ত নতুন অত্যাধুনিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপনৰ কথা সদৰী কৰিছে। যোৱা ১৮ জুনত অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথে আনুষ্ঠানিকভাৱে চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰে। এই কাৰ্যসূচীত কাৰ্য্যকৰী সঞ্চালকসকলৰ লগতে অইলৰ আৱাসিক মুখ্য বিষয়াও উপস্থিত থাকে। দুলীয়াজানত স্থাপন কৰা এই নতুন চিকিৎসালয়খন ৰোগীৰ স্বাস্থ্য আৰু মংগলৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিনিয়োগ হিচাপে প্ৰতিফলিত হৈছে। উল্লেখযোগ্য যে, এই আধুনিক চিকিৎসালয়ৰ জৰিয়তে জনসাধাৰণৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণৰ লগতে উন্নত নিদান, চিকিৎসা আৰু অস্ত্ৰোপচাৰকে ধৰি এক বিস্তৃত পৰিসৰৰ চিকিৎসা সেৱা আগবঢ়োৱা হ’ব বুলি অইলে প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। অন্যান্য সুবিধাসমূহৰ লগতে এই নতুন চিকিৎসালয়খনত মডিউলাৰ অপাৰেচন থিয়েটাৰ, আই চি ইউ, ডায়েলাইছিছ ইউনিট, বাৰ্ন ইউনিট আৰু চেল ছেপাৰেটৰৰ সৈতে ব্লাড বেংককে ধৰি অত্যাধুনিক সেৱাসমূহো উপলব্ধ হ’ব। ৰেডিঅ’লজি আৰু পেথ’লজীৰ উন্নত নিদান সেৱাই ইয়াৰ সামৰ্থ্যক আৰু অধিক শক্তিশালী কৰিব। অনুষ্ঠানটোত উপস্থিত হৈ ড০ ৰথে চিকিৎসালয়খনৰ সন্দৰ্ভত কয় যে “এই নতুন সুবিধাই আমাৰ কৰ্মাঞ্চলৰ লোকসকলক ব্যতিক্ৰমী স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰতি আমাৰ দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰিছে। ইয়াক কেৱল বৰ্তমানৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবেই নহয়, ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ আগতীয়া অনুমান আৰু মোকাবিলা কৰিব পৰাকৈও ডিজাইন কৰা হৈছে। আমি সমাজৰ লোকসকলৰ বাবে সহজে উপলব্ধ বিশ্বমানৰ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে উৎসৰ্গিত।” উল্লেখযোগ্য যে চিকিৎসালয়খনে অইল কৰ্মাঞ্চলৰ বাহিৰৰ ৰোগীসকলকো সেৱা প্ৰদান কৰিব আৰু ২৪ ঘণ্টাই জৰুৰীকালীন আৰু আঘাতৰ ক্ষেত্ৰত সহায় আগবঢ়াব, যাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা তৎকালীন আৰু ফলপ্ৰসূভাৱে পূৰণ কৰাটো নিশ্চিত হ’ব বুলি বিজ্ঞপ্তিত প্ৰকাশ ।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like