নিয়মীয়া বাৰ্তা, ৬ আগষ্ট : আজি অমৃত ভাৰত ষ্টেচন আঁচনিৰ আধাৰশিলা স্থাপন কাৰ্যসূচী সমগ্ৰ দেশৰ মুঠ ৫০৮টা ৰে’লৱে ষ্টেচনৰ অসমৰ ৩২টা ৰেলৱে ষ্টেচন এই আঁচনিৰ অধীনত পৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি এই ৰে’ল ষ্টেচনসমূহৰ আধাৰশিলা স্থাপন কৰে ৷ তিনিচুকীয়া ৰে’লৱে ডিভিজনৰ অধীনৰ শতবৰ্ষ গৰকা মাৰ্ঘেৰিটা ৰে’লৱে ষ্টেচনৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰীৰ লগতে মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, মাৰ্ঘেৰিটা নগৰ সমিতিৰ সভাপতি আনন্দ শৰ্মা আৰু ৰে’লৱে বিভাগৰ বহুকেইজন উচ্চপদস্থ বিষয়া ৷ আজিৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটাৰ বহুকেইখন বিদ্যালয়ত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। আজিৰ কাৰ্যসূচীতেই বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয় ৷
প্ৰেৰক মানস প্ৰতিম গগৈ