নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত গণেশ মন্দিৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ মৃণালিনী দেৱীৰ

বাৰ্তা বুৰো, ২৭ ছেপ্টেম্বৰঃ মৰিগাঁও নগৰৰ মাজমজিয়াত থকা সেৱাশ্ৰম বিষ্ণু মন্দিৰত শ্ৰীশ্ৰীগণেশ মন্দিৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানটো মাংগলিক কাৰ্যসূচীৰে আজি অনুষ্ঠিত হয়।উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি। এই অনুষ্ঠানত উপস্থিত থাকি সাহিত্যিক মৃণালিনী দেৱীয়ে মানুহৰ জীৱনত অধ্যাত্মিকতাৰ প্ৰয়োজনীয়তাৰ ওপৰত সাৰগৰ্ভ ভাষণ প্ৰদান কৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like