তামুলপুৰ মেডিকেলৰ আধাৰশিলা–‘প্রার্থনা’ আঁচনিৰ শুভাৰম্ভ গৃহমন্ত্রীৰ
আন্দোলন–সন্ত্রাসৰ অৱসান ঘটাই বিকাশৰ পথত অসম
- অস্ত্র–শস্ত্রই সমস্যাৰ সমাধান কৰিব নোৱাৰে
- মুখ্যমন্ত্রী ড০ শর্মাক লৈ আশাবাদী অমিত শ্বাহ
- দেশৰ স্বাস্থ্যখণ্ডত অন্যতম উদাহৰণ হ’ব অসম
- উত্তৰ–পূবৰ ভাষা–সংস্কৃতি–লোকাচ্ ধৰি বর্ণাঢ়্য সকলো সমল সংৰক্ষণ কৰিবলৈ বিজেপি চৰকাৰ বদ্ধপৰিকৰ
- কার্বি আংলঙৰ শান্তি চুক্তিৰ আনুষ্ঠানিকতাহে বাকী
নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ ‘আন্দোলন, সন্ত্রাসবাদ, অস্ত্র–শস্ত্রৰ অৱসান ঘটাই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিকাশৰ পথেৰে অসমক আগুৱাই নিয়াৰ বাবেই ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ হৈছে৷’ –এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷
দেওবাৰে সন্ধিয়া গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত তামুলপুৰ মেডিকেল কলেজ হাস্পতালৰ আধাৰশিলা স্থাপনৰ লগতে ক’ভিডত আক্রান্ত হৈ মৃত্যুবৰণ কৰা ১০০গৰাকী লোকৰ নিকটাত্মীয়ক ‘প্রার্থনা’ আঁচনিৰ অধীনত এক লাখ টকাকৈ আর্থিক সাহায্য প্রদান কৰে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে৷
অনুষ্ঠানত দিয়া ভাষণত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে এইবাৰৰ অসম বিধানসভা নির্বাচনৰ পাছত প্রথমবাৰৰ বাবে তেওঁ অসম ভ্রমণলৈ আহিছে৷ প্রধানমন্ত্রী মোদীক উত্তৰ–পূবৰ সকলোৱে স্বীকাৰ কৰি লৈছে৷ অসমত এসময়ত বিভিন্ন ৰূপত ৰক্তক্ষয়ী আন্দোলন চলিছিল৷ কিন্তু আন্দোলন, সন্ত্রাসবাদ, অস্ত্র–শস্ত্রই অসমৰ সমস্যাৰ সমাধান কৰিব নোৱাৰে৷ প্রধানমন্ত্রী মোদীৰ বিকাশৰ পথেহে অসমক উপকৃত কৰিব৷ তাৰ বাবেই ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ হ’ল৷ যোৱা ৫টা বছৰত সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাই যিদৰে চৰকাৰ চলালে, তাৰ বাবেই ৰাজ্যখনত পুনৰ বিজেপিয়ে চৰকাৰ কৰিলে আৰু ড০ হিমন্ত বিশ্ব শর্মা এইবাৰ মুখ্যমন্ত্রী হ’ল৷ অসমৰ ভাষা–সংস্কৃতি, মহত্ত্ব কোনেও কমাব নোৱাৰে৷ অসমকে ধৰি উত্তৰ–পূবৰ ভিন্ন ভিন্ন ভাষা–সংস্কৃতি, সুৰীয়া গীত–মাত, লোকাচাৰ, খাদ্যসম্ভাৰকে ধৰি বর্ণাঢ়্য সকলো সমল সংৰক্ষণ কৰাৰ বাবে বিজেপি চৰকাৰ বদ্ধপৰিকৰ৷
প্রধানমন্ত্রী মোদীয়ে কোৱা বিকাশৰ পথেৰে অসমক আগুৱাই নিয়াৰ দায়িত্ব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে এইক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মা সফল হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই অসমক আগুৱাই নিয়াৰ দায়িত্ব লৈছে আৰু আগন্তুক ৫ বছৰৰ ভিতৰত ৰাজ্যখনৰ জনসাধাৰণে গর্ব কৰিব যে তেওঁলোকে এগৰাকী উপযুক্ত ব্যক্তিৰ সপক্ষে জনাদেশ প্রদান কৰিছে৷ যোৱা বিধানসভা নির্বাচনৰ সময়ছোৱাত নতুন নতুন দল গঠনৰ প্রসংগ উত্থাপন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে আন্দোলন, সন্ত্রাসবাদৰ পৰিৱর্তে অসম বিকাশৰ দিশত আগবাঢ়ি গৈছে বাবেই এইবাৰ নির্বাচনত বিজেপিৰ ভোটৰ হাৰো বৃদ্ধি পাইছে৷ পূর্বতে বিজেপিয়ে ৰাজ্যখনত ২৮ শতাংশ ভোট পোৱাৰ বিপৰীতে এইবাৰ বৃদ্ধি হৈ ৩৩ শতাংশ হৈছে৷ এই প্রসংগতে তেওঁ অহা ২০২৪ চনৰ পূর্বে অসমকে ধৰি উত্তৰ–পূব আন্দোলন, সন্ত্রাসমুক্ত হ’ব বুলি উল্লেখ কৰি কয় যে বর্তমান মণিপুৰত বিজেপিৰ চৰকাৰ চলি আছে৷ যোৱা চাৰে চাৰিটা বছৰত ৰাজ্যখনত এটা দিনো বন্ধ হোৱা নাই৷ আগেয়ে মাহত ৰাজ্যখনত ১০ দিনেই বন্ধৰ কার্যসূচী চলি আছিল৷ বন্ধ–আন্দোলনৰ বাবে এতিয়া কোনেও পেট্র’ল ৫০০ টকা লিটাৰত কিনিবলগীয়া হোৱা নাই৷ কার্বি আংলঙতো শান্তি চুক্তি সম্পূর্ণ হোৱাৰ পথত৷ কেৱল আনুষ্ঠানিকতাহে বাকী আছে৷ অসম চুক্তি ৰূপায়ণৰ ফাইলো প্রধানমন্ত্রী মোদীয়েই প্রথম মুকলি কৰিছে৷ পূর্বৰ কংগ্রেছ চৰকাৰে এই দিশত একো কৰা নাছিল৷ একেদৰে ব্রু চুক্তিও ২০২২ চনৰ পূর্বে ৰূপায়ণ কৰা হ’ব৷
সেইদৰে ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী আৰু পূর্বৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল কেন্দ্রীয় কেবিনেটত অন্তর্ভুক্ত হোৱাৰ প্রসংগ উনুকিয়াই কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে ইয়াৰ ফলত অসমৰ ডবল বেনিফিট হৈছে৷ তদুপৰি দেশৰ কেন্দ্রীয় মন্ত্রীসভাত এইবাৰ উত্তৰ–পূবৰ ৫গৰাকী মন্ত্রী অন্তর্ভুক্ত হৈছে৷ দেশৰ বিকাশত উত্তৰ–পূবৰ লোকক অংশীদাৰী কৰাৰ বাবেই অঞ্চলটোৰ পৰা ইমানসংখ্যক মন্ত্রীক কেন্দ্রীয় মন্ত্রীসভাত স্থান দিয়া হৈছে৷ সেইদৰে বিগত ৬টা বছৰত প্রধানমন্ত্রী মোদী ৩৫বাৰ অহাৰ লগতে ১৫ দিনৰ অন্তৰে অন্তৰে একোজনকৈ কেন্দ্রীয় মন্ত্রী অঞ্চলটোলৈ আহি থকাৰ উল্লেখ কৰি তেওঁ কয় যে মোদীৰ বিকাশৰ পথেৰে অঞ্চলটোক আগুৱাই নিব বিচৰা হৈছে৷ আজি গুৱাহাটীৰ ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউটত ৰেডিয়েচন থেৰাপী ব্লক উদ্বোধনৰ কার্যসূচীত অংশগ্রহণৰ বিষয়ে উনুকিয়াই তেওঁ কয় যে দেশৰ ৫ স্থানতহে তেনেধৰণৰ মেচিন আছে বুলি চিকিৎসকসকলে কৈছে৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনত উত্তৰ–পূবত কেঞ্চাৰ ৰোগ ৰোধৰ লগতে চিকিৎসাৰ বাবে কোনো ব্যৱস্থা নকৰিলে৷ কংগ্রেছৰ আমোলত অঞ্চলটো কেঞ্চাৰৰ কর্প’ৰেট হৈছিল৷ কিন্তু কেন্দ্রত মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছতেই অঞ্চলটোত কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা হয়৷ অচিৰেই ৰাজ্যখনৰ বিভিন্ন স্থানত কেঞ্চাৰৰ চিকিৎসাৰ বাবে লেভেল–২, লেভেল–৩ হাস্পতাল স্থাপন হ’ব৷ এয়া হৈ উঠিলে ইয়াৰ পৰা কোনো কেঞ্চাৰ ৰোগীয়ে চিকিৎসাৰ বাবে দিল্লীলৈ যাবলগীয়া নহ’ব৷ ইয়াতেই চিকিৎসাৰ সুযোগ লাভ কৰিব৷ কেঞ্চাৰ ৰোগ হোৱাৰ কাৰক সম্পর্কতো ইয়াতেই গৱেষণা–পত্র প্রস্তুত হ’ব আৰু দেশৰ সকলোৱে সেই গৱেষণা–পত্র পঢ়িব পাৰিব৷ ২০১৮ চনত তেওঁ ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউটৰ আধাৰশিলা স্থাপনৰ বিষয়ে উল্লেখ কৰি কয় যে অহা ডিচেম্বৰ মাহত প্রধানমন্ত্রী মোদীয়ে সেই প্রতিষ্ঠানখনৰ শুভাৰম্ভ কৰিব৷
ইপিনে তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে বি টি আৰ চুক্তি স্বাক্ষৰৰ সময়ত উন্নয়নৰ বাবে এই মেডিকেল কলেজখনৰ প্রসংগ চুক্তিখনত সংযোজন কৰা হৈছিল৷ আজি মেডিকেল কলেজখনৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই তেওঁ তামুলপুৰবাসী ৰাইজকো অভিনন্দন জ্ঞাপন কৰে৷ ভাষণত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে ২০২৪ চনৰ লোকসভা নির্বাচনৰ পূর্বে বি টি আৰ চুক্তিত থকা সকলো প্রতিশ্রুতি চৰকাৰে ৰূপায়ণ কৰিব৷ তাৰ পাছতহে বিজেপিয়ে অসম তথা বি টি আৰবাসী ৰাইজৰ ওচৰলৈ আশীর্বাদ ল’বলৈ আহিব৷ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে স্বাস্থ্যখনত অসম দেশৰ ভিতৰতে অন্যতম উদাহৰণ হ’ব বুলিও ভাষণত উল্লেখ কৰে৷
অনুষ্ঠানত বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে বি টি আৰত স্থায়ী শান্তি অহাৰ লগতে বিকাশৰ নতুন ধাৰা আৰম্ভ হোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰি কয় যে বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ইতিমধ্যে অঞ্চলটোৰ সৰু–সুৰা সমস্যাৰ সমাধান হৈছে৷ তেওঁলোকৰ তৎপৰতাৰ বাবেই বি টি আৰ চুক্তিৰ দ্রুত ৰূপায়ণ হৈছে৷ বিগত ৩০–৪০ বছৰ ধৰি বি টি আৰ অঞ্চলত চলি অহা হিংসাত্মক ঘটনা, আন্দোলনৰ বাবে তাত কোনো উদ্যোগ নথকাৰ বিষয়ে উল্লেখ কৰি বড়োৱে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক অঞ্চলটোত নতুন উদ্যোগ স্থাপন কৰি সংস্থাপনৰ বাট মুকলি কৰাৰ লগতে অঞ্চলটোত শান্তিৰ সমান্তৰালভাৱে শিক্ষাৰ বিকাশৰ ক্ষেত্রত পদক্ষেপ ল’বলৈও আহ্বান জনায়৷