নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোক্ৰাত গোৰ্খা জাতীয় বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্লৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ১৪ জুলাই : শোণিতপুৰৰ লোক্ৰা লবৰঘাৰীৰ দুৰ্গা মল্ল চ’কত নিৰ্মাণ আৰু প্ৰতিষ্ঠা কৰা হ’ব অসমৰ অন্যতম জনগোষ্ঠী গোৰ্খা জনগোষ্ঠীয় জাতীয় বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্লৰ প্ৰতিমূৰ্তি । অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ অৰ্থসাহায্যত নিৰ্মাণ হ’ব এই প্ৰতিমূৰ্তিটো । এই উপলক্ষ্যে কালি লোক্ৰা লবৰঘাৰীৰ দুৰ্গা মল্ল চ’কত জাতীয় বীৰ শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে গোৰ্খা উন্নয়ন পৰিষদে এচ আৰু বি চি বিভাগৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ ৮ লাখ টকা পুঁজি ব্যয়সাপেক্ষে এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব । অনুষ্ঠানত উপস্থিত থাকি সংগ দিয়ে গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য মতি নেৱাৰ, সদস্য সঞ্জীৱ ছেত্ৰী, সদস্য থৰ্ক অধিকাৰী , সদস্য সঞ্জীৱ খৰ্কা, আগছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুনীল ছেত্ৰী, জিলা আগছুৰ উপ-সভাপতি সুজিৎ থাপা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে লোক্ৰা অঞ্চলবাসী ৰাইজে। আধাৰশিলা স্থাপন কৰি অধ্যক্ষ তামাঙে ভাষণ প্ৰসংগত কয় যে গোৰ্খাসকলৰ জাতীয় স্বাভিমান বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্ল । ভাৰতৰ স্বাধীনতা সংগ্ৰামত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল দুৰ্গা মল্লই । গোৰ্খা উন্নয়ন পৰিষদে অসমৰ বিভিন্ন প্ৰান্তত ৰাইজৰ সন্মতিসাপেক্ষে বিভিন্ন ৰাজহুৱা স্থানত গোৰ্খা জাতীয় বীৰ, সমাজসেৱক, স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম হাতত লৈছে । ইতিমধ্যে অসমৰ বহুকেইটা বিধানসভা সমষ্টিৰ নিৰ্দিষ্ট স্থানত প্ৰতিমূৰ্তি নিৰ্মাণ আৰু উন্মোচন কৰা হৈছে । গোৰ্খাসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে পৰিষদে সকলোপ্ৰকাৰৰ কাম-কাজ হাতত লৈছে । স্মৰ্তব্য যে ২০০৪ চনৰ ১৭ ডিচেম্বৰত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ভাৰতৰ সংসদ ভৱন চৌহদত এইগৰাকী জাতীয় শ্বহীদৰ বিশালকায় প্ৰতিমূৰ্তি উদ্বোধন কৰিছিল । লগতে ভাৰত চৰকাৰে বীৰগৰাকীৰ সন্মানাৰ্থে এটা ডাকটিকটো মুকলি কৰিছে ।

প্ৰেৰক প্ৰাঞ্জল পি বৰা

You might also like