নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত ৪২৫.৭৫ কোটি ব্যয়সাপেক্ষ ১৯টাকৈ প্রকল্পৰ শিলান্যাস-উদ্বোধন মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰঃ বিকাশৰ বাবে এটা পষেক কার্যসূচীৰ অধীনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বিশ্বনাথ জিলা ভ্রমণ কৰি ১৯টা অভিলাষী প্রকল্পৰ আধাৰশিলা আৰু শুভ উদ্বোধন কৰে৷ এই আটাইকেইটা প্রকল্পৰ মুঠ প্রকল্প ব্যয় হৈছে ৪২৫.৭৫ কোটি টকা৷ এই উপলক্ষে বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্রত আয়োজিত বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰি বিশ্বনাথ জিলাৰ অন্তর্গত বিশ্বনাথ, গহপুৰ আৰু চতিয়া সমষ্টিৰ ১২টা উন্নয়নমূলক প্রকল্প ডিজিটেল মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰে৷ মুখ্যমন্ত্রীয়ে অসমৰ স্বাভিমান, মর্যাদা, ঐতিহ্য–পৰম্পৰা সুৰক্ষিত কৰাৰ স্বার্থত আত্মবলিদান দিয়া শ্বহীদ সকলক সশ্রদ্ধ প্রণিপাত জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে বিশ্বনাথৰ ৪টা সমষ্টিৰ ৬ হাজাৰকৈ মুঠ ২৪ হাজাৰ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তর্ভুক্ত কৰা হব৷ ২৫০ টকাকৈ বৃদ্ধপেঞ্চন লাভ কৰি থকা আহ–মাতৃসকলক অৰুণোদয় আঁচনিৰ অন্তর্ভুক্ত কৰি ১২৫০ টকাকৈ প্রদানৰ চিন্তা–চর্চা কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ উল্লেখ্য যে নির্দ্ধাৰিত পুঁজিৰে আধাৰশিলা স্থাপন কৰা এই প্রকল্পসমূহ হল– ৫০ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ জিলাৰ সংহত উপায়ুক্তৰ কার্যালয়, ১১ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ জিলাৰ আৱর্ত ভৱন, ৫০ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ চাৰিআলিত প্রস্তাৱিত জিলা ক্রীড়া প্রকল্প, ১৭৭.২৩ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথৰ পাভৈ দিৰিঙত নতুনকৈ প্রতিষ্ঠা হব লগা অসম আৰক্ষী বেটেলিয়ন কার্যালয় প্রকল্প, ১১.৯১ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথঘাটৰ পৰা পাণপুৰলৈ নির্মাণ হব লগা ৮ কিলোমিটাৰ দৈর্ঘ্য পথ তথা মথাউৰিৰ আধাৰশিলা স্থাপন, ৫.০৩ কোটি টকা ব্যয় সাপেক্ষে চতিয়াত চৰকাৰী পলিটেকনিক প্রতিষ্ঠান আৰু ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান উন্নীতকৰণ প্রকল্পৰ আধাৰশিলা স্থাপন, ১৬.৯৬ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথৰ বুঢ়ীগাঙত এআইআইবিৰ অধীনত অসম বিতৰণ ব্যৱস্থা সবলীকৰণ আৰু লোকচান হ্রাস আঁচনিৰ অধীনত আধাৰশিলা স্থাপন, ২.৯৯ কোটি টকা ব্যয়সাপেক্ষে দিকৰাই পাইকাৰী বজাৰৰ আধুনিকীকৰণ আৰু উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন, ৮.৮৫৩৬ কোটি টকা ব্যয় সাপেক্ষে চতিয়াৰ টুপিয়াত এআইআইবিৰ অধীনত অসম ৰাজ্যত অসম বিতৰণ ব্যৱস্থা সবলীকৰণ আৰু লোকচান হ্রাস আঁচনিৰ অধীনত অসম আধাৰশিলা স্থাপন, ৫.৮৯ কোটি টকা ব্যয় সাপেক্ষে ১৫ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা পহুকটা সংযোগী ৫ কিলোমিটাৰ দৈর্ঘ্য পথৰ আধাৰশিলা স্থাপন, ৫.৯০ কোটি টকা ব্যয় সাপেক্ষে ১৫নং ৰাষ্ট্রীয় ঘাহপথৰ পৰা আমদৈগুৰি সংযোগী ৫ কিলোমিটাৰ দৈর্ঘ্য পথৰ আধাৰশিলা স্থাপন, ২৪.৪৯ কোটি টকা ব্যয় সাপেক্ষে সোলেঙী নদীৰ বাওঁপাৰৰ খহনীয়া প্রতিৰোধ আৰু অন্যান ক্ষতিগ্রস্ত অঞ্চলৰ পুনৰ নির্মাণ কামৰ আধাৰশিলা স্থাপন, বিশ্বনাথ জিলাত বিকাশৰ গংগা নমাই অনাৰ লক্ষ্যৰে বিহালী সমষ্টিৰ অন্তর্গত বেদেতীৰ জনতা বাকৰিত আয়োজিত বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰি বিহালী সমষ্টিৰ ৭টা উন্নয়নমূলক প্রকল্পৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আধাৰশিলা তথা শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে বিহালীত উদ্বোধন তথা আধাৰশিলা হোৱা প্রকল্পসমূহ হল– ১৩.৩২ কোটি টকা ব্যয়সাপেক্ষে ব্রহ্মপুত্রৰ খহনীয়াৰ পৰা বিহালী বটিয়ামাৰী আৰু ইয়াৰ কাষৰীয়া এলেকা সুৰক্ষিত কৰাৰ বাবে খহনীয়া প্রতিৰোধী ব্যৱস্থাৰ আধাৰশিলা স্থাপন, ১২.৬৪ কোটি টক ব্যয় সাপেক্ষে বিহালী মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন, ১০.৪৫ কোটি টকা ব্যয় সাপেক্ষে মৰাণগাঁও নাচবৰ পথৰ আধাৰশিলা স্থাপন৷ এই পথচোৱাৰ কাম আৰু ৩.৫ কিলোমিটাৰ বৃদ্ধি কৰা হব, ৫.০৩ কোটি টকা ব্যয়সাপেক্ষে বিহালীত চৰকাৰী পলিটেকনিক প্রতিষ্ঠান আৰু ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানৰ উন্নীতকৰণ প্রকল্পৰ আধাৰশিলা স্থাপন, ১.৪৬ কোটি টকা ব্যয় সাপেক্ষে বিহালীত নৱনির্মিত সদ্ভাৱনা প্রকল্পৰ শুভ উদ্বোধন, ১.৬৫ কোটি টকা ব্যয় সাপেক্ষে বিহালী উন্নয়ন খণ্ড চৌহদত নির্মিত প্রেক্ষাগৃহৰ শুভ উদ্বোধন, ১০.৯৪৬৮ কোটি টকা ব্যয়সাপেক্ষে বিহালীৰ জিনজিয়াত এআইআইবিৰ অধীনত অসম বিতৰণ ব্যৱস্থা সবলীকৰণ আৰু লোকচান হ্রাস আঁচনিৰ অধীনত আধাৰশিলা স্থাপন৷ সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে অহা শৈক্ষিক বর্ষৰ পৰা বিহালীৰ চৰকাৰী বিজ্ঞান মহাবিদ্যালয়ত কলা শাখা সংযোজনৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ পদক্ষেপ লোৱা হব৷ বিহালীত ৰাজহ চক্র বিষয়াৰ কার্যালয় স্থাপনৰ বাবে পদক্ষেপ লোৱা হব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অসম মালাৰ অধীনত গহপুৰ আৰু বিশ্বনাথৰ মাজত বুৰৈ আৰু বৰগাং সংযোগী এখন দলং নির্মাণৰ পদক্ষেপ গ্রহণ কৰা হব৷ মুখ্যমন্ত্রীয়ে লগতে বিশ্বনাথ জিলাৰ ২০ হাজাৰ পৰিয়ালক বিনামূলীয়া চাউলৰ ৰেচন কার্ড যোগান ধৰা হব বুলি কয়৷ অনুষ্ঠানত মন্ত্রী পীযুষ হাজৰীকা, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বিধায়ক ৰঞ্জিত দত্ত, পদ্ম হাজৰিকা, প্রমোদ বৰঠাকুৰ, উৎপল বৰা, গণেশ লিম্বু, কৃষ্ণ কমল তাঁতী, অসম বীজ নিগমৰ অধ্যক্ষ প্রবীণ হাজৰিকা, ক্ষুদ্র উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়, জিলা পৰিষদৰ সভানেত্রী লাৱণ্য চাৰিঙীয়া, বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনিন্দ্র নাথ ঙাটে, বিজেপিৰ জিলা সভাপতি পংকজ বৰা, চৰকাৰী বিষয়া–কর্মচাৰী প্রমুখ্যে বহু গণ্য–মান্য লোক উপস্থিত থাকে৷

You might also like