নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মইনা বার্তাৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক লৱ কুমাৰ দত্তৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ সদৌ অসম মইনা পাৰিজাতৰ দ্বাৰা প্ৰকাশিত পাৰিজাত সংবাদ আৰু বাঘচোং মইনা পাৰিজাতৰ দ্বাৰা প্ৰকাশিত মইনা বার্তাৰ দৰে দুখনকৈ শিশু বাতৰি কাকতৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক তথা লেখক, ঔপন্যাসিক, কবি, সমাজ সংগঠক, টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ কর্মচাৰী, দক্ষ‍িণ যোৰহাটৰ কৰঙাৰ নিবাসী লৱ কুমাৰ দত্তৰ কালি সন্ধিয়া ৮-৪০ বজাত পৰলোক প্ৰাপ্তি হোৱাত সমগ্ৰ দক্ষ‍িণ যোৰহাট অঞ্চলটো শোকস্তব্ধ হৈ পৰিছে৷ ৩০ ডিচেম্বৰত হৃদ ৰোগত আক্ৰান্ত হোৱা লৱ কুমাৰ দত্তত গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিষ্ট চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিতসাধীন অৱস্থাতে মৃত্যুত হয়। ৫৮ বছৰীয়া লৱ কুমাৰ দত্তই মৃত্যুৰ সময়লৈকে বনমালি কলা-কৃষ্টি সংঘ, বনমালি মইনা পাৰিজাত, সদৌ অসম মইনা পাৰিজাতৰ আজীৱন সদস্য হৈ থকাৰ লগতে দুখনকৈ শিশু বাতৰি কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰি আছিল৷ দক্ষ‍িণ যোৰহাটৰ অন্যতম উচ্চ শি‍ক্ষানুষ্ঠান চিনামৰা মহাবিদ্যালয় প্ৰতিষ্ঠাত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰা লৱ কুমাৰ দত্তই মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যও আছিল৷ যোৰহাট জিলা সাহিত্য সভাৰ সদস্য লৱ কুমাৰ দত্ত কৰঙা শাখা সাহিত্য সভাৰ সম্পাদকৰ পদো গ্ৰহণ কৰিছিল ৷লৱ কুমাৰ দত্তই মনৰ মানুহ, নেদেখা কান্দোনৰ সুৰৰ দৰে দুখনকৈ উপন্যাস সৃষ্টি কৰাৰ লগতে এবুকু আশা, মন হৃদয়ৰ ৰণ নামৰ দুখন কবিতা পুথি, মাধুকৰী নামৰ প্ৰবন্ধ সংকলন, ৰামধেনুৰ ৰং নামৰ গল্প সংকলনৰ লগতে কর্ণ-পৰশুৰামৰ মাতৃপ্ৰেম আৰু অন্য এখন কুৰুক্ষ‍েত্ৰ শীর্ষক ধর্মীয় পুথি, চিনামৰা মহাবিদ্যালয়ৰ দুটা খণ্ডত সংক্ষ‍িপ্ত দস্তাবেজ আৰু বংশানুচৰিতসহ ১৫ খনতকৈও অধিক গ্ৰন্থ প্ৰণয়ন কৰি গৈছে৷ এইজন সর্বগুণী সম্পন্ন পৰিহিতৈষী আৰু সমাজ সংগঠকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গুণমুগ্ধসকলে বাসগৃহত আহি ভীৰ কৰেহি ৷ আজি পুৱা ৭.৩০ বজাত গুৱাহাটীৰ পৰা মৃতদেহ আহি কৰঙাৰ বাসগৃহ পোৱাৰ লগে লগে অঞ্চলটোৰ সকলো সামাজিক-শৈ‍ক্ষ‍িক তথা আন আন সংগঠনৰ কেবা শতাধিক লোক উপস্থিত হয়হি।মৃতদেহ শ্মশানলৈ নিয়াৰ পূর্বে অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুষ্পাঞ্জলি অর্পণ কৰে বনমালি কলা-কৃষ্টি সংঘৰ সভাপতি ধ্ৰুৱজ্য‍োতি দত্ত, চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ অঞ্জন শইকীয়া আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়া, সদৌ অসম মইনা পাৰিজাতৰ হৈ মহেন্দ্ৰ খনিকৰ, যোৰহাট জিলা মইনা পাৰিজাতৰ হৈ জয়ন্ত পূজাৰী, চিনামৰা জাতীয় বিদ্যালয়ৰ হৈ সঞ্চালক দিব্যজ্য‍োতি শর্মা আৰু অধ্যক্ষ অমৰজ্য‍োতি শর্মা, যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, সদৌ কৰঙা ৰাসোৎসৱ সমিতিৰ হৈ সম্পাদক বিৰাজ বৰুৱা, দক্ষ‍িণ যোৰহাট প্ৰেছ ক্লাৱৰ হৈ সম্পাদক নৱজ্য‍োতি তামুলী, টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ বিষয়া ইউনিয়নৰ হৈ ড০ শান্তনু সভাপণ্ডিত, সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণী দিৱস উদ্‌যাপন সমিতিৰ হৈ চফিকুৰ ৰহমান, কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ হৈ ৰাজীৱ হাজৰিকা, কৰঙা লেখিকা সমাৰোহৰ পলাশী বৰা দত্ত, গৃহলক্ষী মহিলা সমিতিৰ অর্চনা হাজৰিকা, বাঘচোং আঞ্চলিক মইনা পাৰিজাতৰ হৈ‍ জুলেন দত্তৰ লগতে গোৱাল আতা সেৱক সমাজ, কাথপাবু সত্ৰ, সদৌ অসম ভাওনা প্ৰতিযোগিতা উদ্‌যাপন সমিতি, চিনামৰা ব্যৱসায়ী সন্থা, প্ৰয়াসৰ হৈ দিদিন হাজৰিকা, মহাপুৰুষীয়া সংগীত বিদ্যালয়, সংকল্প যুৱ সমাজ, কৰঙা দুর্গোৎসৱ সমিতি, ৰূপজ্য‍োতি পুথিভঁৰাল, বৰুৱা গাঁও উন্নয়ন সমিতি, চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, সুৰুযমুখী মহিলা সমিতি, ন-জোন মইনা পাৰিজাত, শ্ৰীমন্ত শংকৰদেৱ পুথিভঁৰাল, চিনামৰা স্কুল প্ৰাক্তন ছাত্ৰ সমাজ, জ্য‍োতি মইনা পাৰিজাত, শ্ৰীমন্ত শংকৰদেৱ সংঘ, শংকৰ আজান সংগীত মহাবিদ্যালয়, সাংস্কৃতিক মহাসভা, সত্ৰ মহাসভা, পাঁচখেলীয়া নামঘৰ, মাধ্যমিক শি‍ক্ষক সংস্থা, বৃহত্তৰ বাঘধৰা বিহু উদ্‌যাপন সমিতি আদি পঞ্চাচটাৰো অধিক দল-সংগঠন তথা বিভিন্ন ব্যক্তিয়ে লৱ কুমাৰ দত্তৰ মৃতদেহত পুষ্পাঞ্জলি অর্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁতধৰে দীপ্ত জীৱন হাজৰিকাই ৷ দত্তই মৃত্যুৰ সময়ত মাতৃ ৰুণুবালা দত্ত,পত্নী দীপ্তি দত্ত আৰু দুগৰাকী কন্যা সন্তানৰ লগতে ককাই-ভাই, ইষ্ট-কুটুম্বক ইহসংসাৰত এৰি থৈ যোৱা লৱ কুমাৰ দত্তই টোকোলাই চাহ গৱেষণা কেন্দ্ৰত গাণনিক শাখাত কর্মৰত হৈ আছিল৷ এইগৰাকী সমাজ সংগঠকৰ মৃত্যুৱে দক্ষ‍িণ যোৰহাট অঞ্চলৰ বৌদ্ধিক ক্ষ‍েত্ৰখনলৈ এক শূন্যতা কঢ়িয়াই আনিলে ৷

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like