নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ চাৰি কীৰ্তিমানৰ এপিএছচি পৰীক্ষাত সফলতা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০২২ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ কালি ঘোষণা কৰা ফলাফলত নাহৰকটীয়া অঞ্চলৰ চাৰিগৰাকীকৈ মেধাৱী যুৱক-যুৱতীয়ে স্থান লাভ কৰা খবৰে অঞ্চলটোত উলাহৰ ধল নমাইছে। উল্লেখযোগ্য যে এইবাৰৰ ফলাফলত নাহৰকটীয়া মহাবিদ্যালয়ৰ সমীপৰ চেৰেপাজান গাঁৱৰ চেন ৱৌন চাখাপ নামৰ যুৱকগৰাকীয়ে অসম আৰক্ষী সেৱাত ৬১নং স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। অৰুণাচল চৰকাৰৰ অৱসৰপ্ৰাপ্ত জিলা যোগান বিষয়া চাও ৱৌন চাখাপ আৰু অক ল চাখাপৰ পুত্ৰ চেন ৱৌন চাখাপে গুৱাহাটীৰ দিল্লী পাব্লিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক শিক্ষা সম্পন্ন কৰিছিল। ইয়াৰ উপৰি নাহৰকটীয়া দিহিং কিনাৰ বাঁহধাৰী নিবাসী অশোক লামা আৰু গৌৰী লামাৰ পুত্ৰ অবিনাশ লামা, নাহৰকটীয়া বৈৰাগী পাৰা নিবাসী বিজিত সোণোৱাল আৰু পাৰুল সোণোৱালৰ কন্যা থাপনা সোণোৱাল আৰু জয়পুৰৰ বিপুল চন্দ্ৰ গগৈ আৰু বন্তি গগৈৰ কন্যা পূজা গগৈয়ে অসম গাণনিক সেৱাত সহকাৰী গাণনিক বিষয়া ৰূপে নিযুক্তি লাভ কৰিছে। উল্লেখযোগ্য যে অবিনাশ লামাই নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নিজৰ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা বি টেক সম্পূৰ্ণ কৰি বৰ্তমান অসম লোকনিৰ্মাণ বিভাগৰ ডিব্ৰুগড় কাৰ্যালয়ত কৰ্মৰত হৈ আছে। একেদৰে থাপনা সোণোৱালে নৱোদয় বিদ্যালয়, ডিব্ৰুগড় জ্ঞান বিজ্ঞান একাডেমী আৰু কানৈ কলেজত অধ্যয়ন কৰাৰ অন্তত ডিগবৈ আই অ’ চি চিকিৎসালয়ৰ পৰা বি এছ চি নাৰ্ছিং সমাপ্ত কৰি বৰ্তমান চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত হৈ আছে। পূজা গগৈয়ে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি বৰ্তমান ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত কৰ্মৰত হৈ আছে। সমষ্টিটোৰ চাৰিগৰাকীকৈ কীৰ্তিমানৰ এই সফলতাই স্বাভাৱিকতে সকলোৰে মনত আনন্দৰ সৃষ্টি কৰাৰ লগতে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ লগতে বিভিন্ন দল-সংগঠনে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like