নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত ধাৰাবাহিক অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক চাৰি

বিশেষ বাৰ্তা, ২৭ মেঃ তিনিচুকীয়াত আৰক্ষীৰ অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়নুল ইছলামৰ নেতৃত্বত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ সহযোগত তিনিচুকীয়া আৰক্ষীৰ এটা দলে পৰ্বতীয়াত বৃহৎ পৰিমাণৰ মাৰাত্মক ড্ৰাগছসহ আটক কৰে এটা সৰবৰাহকাৰীক ৷ আটকাধীন সৰবৰাহকাৰীটোৰ নাম মনোজ মল্লিক ৷ মনোজ মল্লিকৰ লগতে পত্নীকো আটক কৰে আৰক্ষীয়ে ৷ মনোজ মল্লিকৰ পৰা আৰক্ষীয়ে পাঁচটাকৈ চাবোনৰ পেকেটত মাৰাত্মক ড্ৰাগছ ৬৫.২১ গ্ৰাম জব্দ কৰাৰ লগতে নগদ ১১,৩৪০ টকা, তিনিটা মবাইলফোন আৰু ভালেসংখ্যক আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷ সমান্তৰালভাৱে তিনিচুকীয়াৰ বৰদলৈ নগৰতো উৎপল বৰুৱা নামৰ এজন যুৱকক  নিজ ভাৰাঘৰত ৩.৫ গ্ৰাম মাৰাত্মক ড্ৰাগছসহ আটক কৰে ৷ পৰৱৰ্তী সময়ত পুনৰ মাকুম পথত বলৰাম ৰয় নামৰ এটা সৰবৰাহকাৰীক আটক কৰাৰ লগতে চাৰিটাকৈ চাদা টেমাত ড্ৰাগছ জব্দ কৰে ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰক্ষীয়ে আটাইকেইটা সৰবৰাহকাৰীক আটক কৰি সদৰ আৰক্ষী থানালৈ লৈ যোৱাৰ লগতে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷

প্ৰেৰক বিবেক বড়া

You might also like