নিয়মীয় বাৰ্তা, ১৭ আগষ্ট : বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতলাত আৰক্ষীয়ে অভিযান চলায়। গেৰুকাবাৰী টহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই পঞ্চাশ লক্ষাধিক টকা মূল্যৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে চাৰি সৰবৰাহকাৰীক। চাৰি সৰবৰাহকাৰী ক্ৰমে মণিপুৰৰ আবদুল মতলেপ (27), আলতাব হুছেইন (23), জিয়াউৰ ৰহমান (33) আৰু পশ্চিমবংগৰ দিনহাটাৰ হাফিজুৰ ৰহমান (33) । সৰবৰাহকাৰীকেইটাই AS-01U-1600 নম্বৰৰ মাৰুটি এল্টো বাহনখনেৰে ডিমাপুৰৰ পৰা পশ্চিমবংগলৈ লৈ গৈ আছিল টেবলেটখিনি। মাৰুটি কাৰখনৰ টেলৰ টেংকিত গোপন চেম্বাৰ বনাই ভৰাই লৈ আহিছিল টেবলেটখিনি । টেংকিটোত 44 হাজাৰ য়াবা টেবলেট কঢ়িয়াই আনিছিল। জব্দকৃত য়াবা টেবলেটসমূহৰ বজাৰ মূল্য পঞ্চাশ লক্ষাধিক টকা। শাকতলাৰ আই ফুৱেল ছাৰ্ভিচত তেল ভৰাই থকা অৱস্থাত গেৰুকাবাৰী আৰক্ষীয়ে টেবলেটসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীকেইটাক। আৰক্ষীয়ে মেকানিকৰ জৰিয়তে টেংকি কাটি উদ্ধাৰ কৰে টেবলেটখিনি। পাছত ঘটনাস্থলীত মাণিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সাহাই উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। জব্দকৃত য়াবা টেবলেটখিনিৰ ওজন ৪.৮৯৭ কিলোগ্ৰাম।
প্ৰেৰক বৰ্ণালী তালুকদাৰ