নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱৰ চিহ্নযাত্ৰাখনেই ভাৰতবৰ্ষৰ প্ৰথম নাটকঃ কমল কটকীঃ পাঠশালাত দেৱেন ৰয়ৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ অসমৰ নাট্য সাহিত্যৰ অন্যতম পুৰোধা, জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ চিহ্নযাত্ৰাখনেই প্ৰকৃতাৰ্থত ভাৰতবৰ্ষৰ প্ৰথম নাটক৷ আৰু এই কথা ইতিমধ্যে গিৰীশ কাৰ্ণাডৰ দৰে বৰেণ্য নাট্যকাৰেও স্বীকাৰ কৰি গৈছে৷ এই মন্তব্য সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একান্ত সহযোগী, বিশিষ্ট সংগীতজ্ঞ কমল কটকীৰ৷ আজি পাঠশালাৰ বজালী আৰ্টচ এণ্ড কমাৰ্চ একাডেমীত বিশিষ্ট নাট্যকাৰ, লেখক দেৱেন ৰয়ৰ একেলগে চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা সভাত অংশগ্ৰহণ কৰি অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যাপক কটকীয়ে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰতো ভাষণ প্ৰদান কৰি গীতিকবিতা সন্দৰ্ভত কয় যে কবিতা আৰু গীতিকবিতাৰ মাজত স্পষ্ট ৰেখা এডাল অংকণ কৰাটো বৰ টান৷ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই এই সন্দৰ্ভত কৰা মন্তব্যৰ ওপৰত কটকীয়ে কথা আৰু গীতেৰে পুংখানুপুংখ বিৱৰণ দি অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ ওপৰতো ভাষণ প্ৰদান কৰে৷ পাঠশালা প্ৰেছ ক্লাৱৰ সভাপতি পুলু কুমাৰ শৰ্মাৰ সভাপতিত্বত বিশিষ্ট অভিনেতা, আবৃতিকাৰ নৱ কাশ্যপে আঁত ধৰা আৰু সাংবাদিক কল্যাণ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ আৰম্ভনিতে গ্ৰন্থাকাৰ দেৱেন ৰয়ৰ কথাৰে সজ্জিত সংগীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে৷ গ্ৰন্থাকাৰ ৰয়ে আদৰণী ভাষণ প্ৰদান কৰা সভাখনত বিশিষ্ট সংগীতজ্ঞ কমল কটকী,আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক তথা বিশিষ্ট নাট্যযোদ্ধা কৃষ্ণ ৰয়, অসম চৰকাৰৰ ব্ৰজনাথ শৰ্মা বঁটা প্ৰাপক বিশিষ্ট সংগীতকাৰ দশৰথ দাস, সৌৰাং মঞ্জু ঠিয়েটাৰৰ প্ৰযোজক চন্দ্ৰ কান্ত মুছাহাৰী (চেখা) আৰু বিশিষ্ট নাট্যকাৰ নিতুল কুমাৰ মেধিয়ে নাট্যকাৰ, বিষয় শিক্ষক দেবেন ৰয়ৰ তিনিখন পূৰ্ণাংগ নাটক ক্ৰমে ‘মানুহে মানুহৰ বাবে’, ‘আপোন মানুহ’ আৰু ‘সপোনৰ ৰংঘৰ’ৰ লগতে এখন গীতিকবিতা ‘হালে জালে পকাধান’ উন্মোচন কৰে৷ পাঠশালা প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত নাট্যকাৰ নিতুল কুমাৰ মেধিয়ে দেবেন ৰয় সাহিত্য কৃতিৰ ওপৰত ভাষণ প্ৰদান কৰি তেওঁৰ গ্ৰন্থ অধ্যয়ন কৰিবলৈ সকলোকে আহ্বান জনায়৷ অসমৰ অপেচাদাৰী নাটৰ মাইলৰ খুটি স্বৰূপ অৰুণ শৰ্মাৰ পৰা আৰম্ভ কৰি নাট সম্পৰ্কত তেওঁ ভাষণ প্ৰদান কৰি গ্ৰন্থাকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰে৷ আন দুগৰাকী গ্ৰন্থ উন্মোচক দশৰথ দাস আৰু কৃষ্ণ ৰয়ে গ্ৰন্থাকাৰক শুভেচ্ছা জনাই আশীষ প্ৰদান কৰে৷ একেখন সভাতে দেবেন ৰয়ৰ তৰফৰ পৰা প্ৰবীণ নৃত্যশিল্পী ৰজনী পাটগিৰি আৰু ভৱানন্দ ৰয়, কণ্ঠশিল্পী ৰাজেন ৰয়, বিশিষ্ট অভিনেতা ঘনকান্ত দাস, বিশিষ্ট নাট পৰিচালক তথা প্ৰবক্তা সনাতন কাকতি, সু অভিনেতা অপুৰ্ব মালাকৰ, পাকা সৰিয়হ উঃমাঃ বিদ্যালয়ৰ অধ্যক্ষ শৈলেন দত্ত, বজালী আৰ্টচ এণ্ড কমাৰ্চ একাডেমীৰ ইন্দ্ৰজিৎ দাস, সমাজকৰ্মী কৈলাশ দাস, জিতু ৰয়, সাংবাদিক কল্যাণ কলিতা, কৈলাশ চৌধুৰী, ৰঞ্জিত দাস, কণ্ঠশিল্পী ভৱেশ গোস্বামী, অধ্যক্ষ দিবাকৰ তালুকদাৰ, বিশিষ্ট সংগীত শিল্পী দীপক বৰুৱা, শিক্ষক কাশীনাথ বৈশ্য আৰু সমাজ সংগঠক হেমন্ত শৰ্মাক সম্বৰ্ধনা জনোৱা হয়৷ অৰ্ধশতাধিক গ্ৰন্থানুৰাগীয়ে অংশগ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনৰ অন্তত শলাগ জ্ঞাপন কৰে বলিষ্ঠ অভিনেতা নৱ কাশ্যপে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like