নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত চাৰি ড্ৰাগছ সৰবৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা, ১০ জুলাই : ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাই থকাৰ মাজতে শোণিতপুৰৰ বালিপৰাত কালি আৰক্ষীয়ে কণ্টেইনাৰসহ আটক কৰিছে চাৰিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক । জানিব পৰা মতে, বালিপৰা চেন্টাৰত বালিপৰা-চাৰিদুৱাৰ সংযোগী পথস্থিত টাজ ল’জত কেইবাদিনো ধৰি ৯নং কোঠাটো ভাৰাত হৈছিল চাৰিজন যুৱকে । যুৱককেইজনে কোঠাটোত ড্ৰাগছ মজুত কৰি বেপাৰ চলোৱাৰ তথ্য চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত লাভ কৰি চলায় এক অভিযান। অভিযানকালত উক্ত কোঠাটোৰ পৰা চাৰিজনকৈ যুৱকক আৰক্ষীয়ে আটক কৰাৰ লগতে যুৱককেইজনৰ পৰা ১৫ টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে । আটকাধীন যুৱককেইজন ক্ৰমে জেনচন পাম’চ, টেনজিং দৰ্জি, লাহম টাচি আৰু কমল ছেত্ৰী । ইয়াৰ তিনিজনৰ ঘৰ অৰুণাচল প্ৰদেশত আৰু এজনৰ ঘৰ ৰঙাপৰাত বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে আটাইকেইজনৰ বিৰুদ্ধে নাৰ্ক’টিক আইনৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like