নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ ফিল’বাৰী খণ্ড বন কাৰ্য্যালয়ৰ অন্তৰ্গত তিনিখনকৈ সংৰক্ষিত বনাঞ্চল আৰু এখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল বৰ্তমান দুষ্কৃতিকাৰী তথা বন সম্পদৰ চোৰাং ব্যৱসায়ীৰ ৰম্যভূমিলৈ ৰূপান্তৰিত হৈছে। অসম চৰকাৰৰ বন বিভাগৰ চৰম অৱহেলাৰ ফলত বন মাফিয়াই এই বনাঞ্চলকেইখনত থকা মূল্যৱান গছসমূহ কাটি তহিলং কৰাত বৰ্তমান একো একোখন বৃহৎ মুকলি পথাৰৰ সৃষ্টি হোৱাৰ উপৰি বনাঞ্চলৰ কোনো কোনো অংশত ঘৰ-বাৰী পাতি বেদখল কৰাও দেখা গৈছে । ফিল’বাৰী খণ্ড বন কাৰ্য্যালয়ৰ অন্তৰ্গত ফিল’বাৰী (পিঠাগুটি), হোলোং গুটিবাৰী আৰু নলনী সংৰক্ষিত বনাঞ্চল তিনিখন আৰু মহং প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত বৰ্তমান ঔটেঙাৰ বাহিৰে আন বৃক্ষ দেখিবলৈ পোৱা নাযায়। অসমৰ জাতীয় বৃক্ষ হিচাপে স্বীকৃত বৃহৎ হোলোং গছেৰে এসময়ত ভৰপূৰ হৈ থকা তথা বৰ্তমান মুকলি পথাৰলৈ পৰ্যবসিত হোৱা এই বনাঞ্চলকেইখনৰ ৰক্ষণাবেক্ষণৰ বাবে বন বিভাগে বৰ্তমান দায়িত্ব অৰ্পণ কৰিছে এজন মাত্ৰ বনৰক্ষীক। যাৰ ফলত নব্বৈ দশকৰ শেষৰ ফাললৈকে দুকুৰিৰো অধিক কৰ্মচাৰী নিয়োজিত থকা এই বনখণ্ডটোৰ অধীনৰ বনাঞ্চল চাৰিখনৰ ৰক্ষণাবেক্ষণৰ বাবে নিয়োজিত বনৰক্ষীগৰাকীয়ে ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকা পালন কৰিবলৈ বাধ্য হৈ পৰিছে। উল্লেখযোগ্য যে বিভাগীয় হিচাপ অনুসৰি ফিল’বাৰী (পিঠাগুটি) বনাঞ্চলৰ মাটিকালি প্ৰায় ৩৬০ হেক্টৰ, হোলোং গুটিবাৰীৰ মাটিকালি প্ৰায় ৫২০ হেক্টৰ আৰু নলনী বনাঞ্চলৰ মাটিকালি প্ৰায় ৪০০ হেক্টৰৰো অধিক যদিও বৰ্তমান এচাম দুষ্কৃতিকাৰীৰ বেদখলৰ ফলত এই পৰিসীমা সংকুচিত হৈ সেই হিচাপৰ প্ৰায় আধা অংশহে বন বিভাগৰ অধীনত আছে। বন বিভাগৰ চৰম উদাসীনতাৰ বিৰুদ্ধে চৰম বিষোদগাৰ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সংগঠনে। এনেদৰেই যদি সংৰক্ষিত বনাঞ্চলৰ ৰক্ষণাবেক্ষণত বন বিভাগ তথা চৰকাৰে গুৰুত্ব প্ৰদান নকৰে তেন্তে অনতিপলমে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ৰাইজলৈ বন বিভাগে জনোৱা আহ্বান মাত্ৰ শ্লোগানতেই সীমাবদ্ধ হৈ ৰব বুলি সচেতন মহলে শংকা ব্যক্ত কৰিছে।
প্ৰেৰক কংকণ জ্যোতি গোস্বামী