নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰিজনকৈ জুৱাৰী

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ মৈৰাবাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ চাৰিজনকৈ জুৱাৰী। জুৱাৰী কেইজন ক্ৰমে বৰচাপৰি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি শ্বৰিফ উদ্দিন, বৰথল কছাৰীগাৱৰ আলফাজ উদ্দিন ওৰফে বাবলু, হাতীমূৰীয়া গাঁৱৰ মুজিবুৰ ৰহমান আৰু হাহচৰা গাৱৰ হবিবুৰ ৰহমান। জুৱাৰী কেইজনক গৰিয়াবড়ী গাঁৱৰ এখন পথাৰৰ মাজৰ পৰা পুৱতিনিশা জুৱা খেলি থকা অৱস্থাৰ পৰা মৈৰাবাৰী আৰক্ষীৰ এদল অভিযানকাৰী দলে খেদি খেদি কৰায়ত্ত কৰে। জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে নগদ ৬২০০ টকা, ৬টা ম’বাইল ফোন আৰু ৬ পেকেট টাছ পাত জব্দ কৰিবলৈ সক্ষম হয়। চাৰিওজন জুৱাৰী বৰ্তমান মৈৰাবাৰী আৰক্ষীৰ জিম্মাত আছে।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like