নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত নিশা ভয়ংকৰ অগ্নিকাণ্ডত চাৰিটা বাসগৃহ ভস্মীভূত

নিয়মীয়া বাৰ্তা, ২৯ জুন : জোনাইৰ তেলাম নেপালী জাৰপুম গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত জাহ গ’ল চাৰিটাকৈ বাসগৃহ৷ জানিব পৰা মতে, জোনাইৰ তেলাম নেপালী জাৰপুম গাঁৱৰ নিৱাসী দেৱাল পেগুৰ ঘৰৰ পৰা নিশা প্ৰায় এঘাৰ বজাত সূত্ৰপাত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ৷ পিছলৈ কাষতে থকা হেমেন কুলি, তুলন সোণোৱাল আৰু নিৰুমাই পেগু নামৰ আন তিনিটা পৰিয়ালৰ ঘৰলৈ অগ্নিকাণ্ড বিয়পি পৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজে জোনাই অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত কিছু সময়ৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে যদিও ইতিমধ্যে দেৱাল পেগু আৰু তুলন সোণোৱালৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে হেমেন কুলি আৰু নিৰুমাই পেগুৰ বাসগৃহটো আংশিকভাৱে ৰক্ষা পৰে৷ ইফালে, এই ভয়ংকৰ অগ্নিকাণ্ডত চাৰিওটা পৰিয়ালৰে সা-সম্পত্তি, ধন, ধান আদি ভস্মীভূত হয়৷ অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সঠিক কাৰণ৷ ইফালে, এই ভয়ংকৰ অগ্নিকাণ্ডত সকলো হেৰুৱাই গৃহহীন হৈ পৰিছে দেৱাল পেগু, তুলন সোণোৱালৰ পৰিয়াল৷ সেয়ে জোনাই মহকুমা প্ৰশাসন তথা চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালবোৰৰ লগতে স্থানীয় ৰাইজে৷

প্ৰেৰক কৰবী দলে

You might also like