নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত দুৰ্ঘটনাত পতিত অসম অভিমুখী চণ্ডীগড়-ডিব্রুগড় এক্সপ্রেছ, নিহত ৪

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুলাইঃ উত্তৰ প্ৰদেশৰ গোণ্ডাত আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। ১৫৯০৪ চণ্ডীগড়-ডিব্রুগড় এক্সপ্রেছৰ ৬টা দবা উত্তৰ প্রদেশৰ মতিগঞ্জ–ঝিলাহী ৰে’ল ষ্টেচনৰ মাজত লাইনচ্যুত হয়। ডিব্ৰুগড় এক্সপ্ৰেছৰ কেইবাটাও দবা ৰেলপথৰ পৰা লাইনচ্যুত হয়, য’ত ৪জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ যাত্ৰা আহত হোৱা বুলি খবৰ আহিছে। অৱশ্যে আহতসকলৰ সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই। এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে বিষয়াসকলক নিৰ্দেশ জাৰি কৰিছে। বিবৃতিত ৰেলৱেই জনোৱা মতে, উত্তৰ প্ৰদেশৰ গোণ্ডাৰ সমীপত দিনৰ প্ৰায় ২:৩৫ বজাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰেলপথৰ পৰা লাইনচ্যুত হয়। একে সময়তে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰে’ল দুৰ্ঘটনাৰ তথ্য লৈ দুৰ্ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে বিষয়াসকলক নিৰ্দেশ জাৰি কৰে। ইফালে ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলে সেই স্থানত উপস্থিত হৈছে। জানিব পৰা মতে, চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছৰ একাংশ দবা গোণ্ডাত লাইনচ্যুত হয়। গোণ্ডা-ঝিলাহীৰ মাজত পিকৌৰাৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। কিমানজন লোক আহত হৈছে সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য লাভ কৰা হোৱা নাই। গোণ্ডাৰ পৰা উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে স্থানীয় প্ৰশাসনে। এই দুৰ্ঘটনাত ৪টা এ চি লাইনচ্যুত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ৰে’লৱেৰ মেডিকেল ভ্যান উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। এই ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত মুখ্য সচিব আৰু ডিজিপিৰ সৈতে কথা পাতিছে মুখ্যমন্ত্ৰী আদিত্যনাথ যোগীয়ে। লগতে মুখ্যমন্ত্ৰী যোগীয়ে বিষয়াসকলক অনতিপলমে সেই স্থানত উপস্থিত হৈ সাহায্যৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আশে-পাশে থকা জিলাসমূহৰ সকলো চিকিৎসালয়, চি এইচ চি, পি এইচ চিক এলাৰ্ট মোডত ৰখা হৈছে। এছ ডি আৰ এফৰ দলকো সেই স্থানত উপস্থিত হৈ সাহায্যৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়া হয়। একে সময়তে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উত্তৰ প্ৰদেশৰ ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ ৰেলপথৰ পৰা নমাই অনাৰ বিষয়ে অৱগত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে অসম চৰকাৰৰ যোগাযোগ আছে। উল্লেখ্য যে কালি নিশা ১১.৩৫ বজাত চণ্ডীগড়ৰ পৰা অসমৰ ডিব্রুগড়লৈ ৰাওনা হৈছিল এক্সপ্রেছখন।

You might also like