শিৱসাগৰৰ চাৰি পঞ্চায়তক যক্ষ্মামুক্ত ঘোষণা
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ শিৱসাগৰত যক্ষ্মা মুক্ত কৰাৰ সংকল্পৰে জিলা স্বাস্থ্য বিভাগে অংশ হিচাপে ইতিমধ্যে যথেষ্ট সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ ফলস্বৰূপে এক আশানুৰূপ ফলাফল দেখিবলৈ পোৱা গৈছে।
শিৱসাগৰ জিলাৰ ৪ খন পঞ্চায়ত ক্ৰমে বৰফুকন, খনামুখ, ৰহদৈপুখুৰী, পেঙেৰা গাওঁ পঞ্চায়তে যক্ষ্মা মুক্ত পঞ্চায়ত হিচাপে স্বীকৃতি লাভ কৰে। এই কৃতিত্বত জিলা স্বাস্থ্য সমিতি, এন টি ই পি, জিলা পৰিষদ আৰু উক্ত পঞ্চায়তৰ নাগৰিকসকলৰ অৱদান যথেষ্ট আছে। ২০২৩-২০২৪ বৰ্ষত শিৱসাগৰ জিলাত এই চাৰিখন পঞ্চায়তে যক্ষ্মা মুক্ত পঞ্চায়ত হোৱাৰ এক আদৰ্শ প্ৰতিষ্ঠা হোৱাৰ লগতে এই বিত্তীয় বৰ্ষত আন আন পঞ্চায়তসমূহেও প্ৰেৰণা লাভ কৰিব বুলি বিভাগ আশাবাদী। বিভাগীয় কৰ্তৃপক্ষই স্বাস্থ্যকৰ্মীৰ সহায় সহযোগিতাক শলাগ জনাইছে।
প্ৰেৰক প্ৰশান্ত বৰগোহাঁই