দেওবাৰে ক’ভিডত চাৰিগৰাকীৰ মৃত্যু, আক্রান্ত ৯৭গৰাকী
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ অসমত ক’ভিড পৰিস্থিতি সন্তোষজনক হ’লেও মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে৷ দেওবাৰৰ দিনটোতো ৰাজ্যখনত চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয়৷ ইয়াৰ লগে লগে অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯৩গৰাকীলৈ বৃদ্ধি পালে৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি দেওবাৰে ডিব্রুগড়ৰ সহদেৱ ছামান্তা (৪০), যোৰহাটৰ অণিমা কৰ (৫০), শোণিতপুৰৰ থানেশ্বৰ বড়ো (৫৫) আৰু কামৰূপ মেট্র’ৰ প্রণৱ ভট্টাচার্য (৬৫)ৰ মৃত্যু হয়৷
মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে দেওবাৰে ৰাজ্যখনত নতুনকৈ ৯৭গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে ৩৮গৰাকী গুৱাহাটী মহানগৰীৰ৷ দেওবাৰৰ দিনটোত ১১,৫১৪গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ০.৮৪ শতাংশ৷
আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত আজি ৮৪গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ উল্লেখ্য যে ৰাজ্যখনত এতিয়ালৈ মুঠ ২,১৩,৭৫৯গৰাকী লোক ক’ভিডত আক্রান্ত হয় যদিও ২,০৯,২১১গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে৷ বর্তমান বিভিন্ন হাস্পতালত ৩,৫৫২গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ বর্তমান ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৭.৮৭ শতাংশ, সক্রিয় ৰোগীৰ হাৰ ১.৬৬ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৬ শতাংশ৷