নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত মুখামুখি সংঘৰ্ষত একেটা পৰিয়ালৰ ৩ জনসহ নিহত ৪

নিয়মীয়া বাৰ্তা,  ৭ ছেপ্টেম্বৰ : হাইলাকান্দি জিলাৰ কাটাখাল বাইপাছ ছাদ্দাম পাৰাত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । এটা এল্টো আৰু ইয়ন গাড়ীৰ মুখামুখি সংঘৰ্ষত চাৰিজন লোক নিহত হয়।  থিতাতে নিহত হোৱা চাৰিগৰাকীৰ মাজত আছে এগৰাকী মহিলা। নিহত চাৰিজনৰ ভিতৰৰ ৩জন একেটা পৰিয়ালৰ। চাৰিওগৰাকী ব্যক্তি ইয়ন গাড়ীৰ যাত্ৰী আছিল। লগতে গুৰুতৰভাৱে আহত হৈছে এল্টোত থকা তিনিগৰাকী যাত্ৰী । আহতসকলক ইতিমধ্যে উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । নিহতসকল হৈছে ব্ৰজগোপাল দাস (৬০), তেওঁৰ পত্নী গোপা দাস (৫৫), ভায়েক ৰমেন্দ্ৰ নাৰায়ণ দাস (৫৪) আৰু গাড়ীৰ চালক অজিত দেৱনাথ । পৰিয়ালটো বদৰপুৰ ৰে’লৱে কলনীৰ বাসিন্দা আছিল।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like