নিয়মীয়া বাৰ্তা, ৩০ জুন : বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক ঐতিহাসিক ৰায়দানত ৪ অপৰাধীক আজীৱন কাৰাদণ্ড বিহে ৷ ২০০৫ চনত চাপৰৰ ডাউৱাগুৰী গাঁৱত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডত জড়িত আছিল লোককেইজন৷ ০৯/০৭/২০০৫ ইং তাৰিখে নিশা ২’৩০ মান বজাত ৰমজান আলী, কোনান আলী, ইয়াছিন আলী আৰু আব্দুল বাৰেক গাৱঁখনৰে ৰফিকুল ইছলামৰ ঘৰত অনাধিকাৰ প্ৰবেশ কৰে আৰু পৰিয়ালৰ লোকক মাৰপিঠ কৰিবলৈ ধৰে। মাৰপিট যন্ত্ৰণাত চিঞৰ বাখৰ কৰাত ওচৰৰে জনাৱ আলী ঘটনাস্থলীত উপস্থিত হৈ জনাৱ আলী য়ে আক্ৰমণকাৰীক বাধা প্ৰদান কৰে। এনে কাণ্ডত জাঙুৰ খাই উঠা আক্ৰমণকাৰীৰ দলে আলীকে চোকা অস্ত্ৰৰে আঘাত কৰি গুৰুতৰভাৱে আহত কৰি পলায়ন কৰে। পিছত আলীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে। ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষীয়ে ১২৬/০৫নং কেচত ভাৰতীয় দণ্ডবিধিৰ ৪৫৯,৩০২,৩২৩ আৰু ৩৪নং ধাৰাত গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰি অপৰাধী সকলক আটক কৰে। আজি বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে চেচন কেচত নং ২১১/১১নং গোচৰত ১২জন লোকৰ সাক্ষ্য গ্ৰহণ কৰি ৪ অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। সুদীৰ্ঘ ১৮ বছৰ পিছত ন্যায়ালয়ে ন্যায় দিয়াৰ পিছত ন্যায় ব্যবস্থাক ধন্যবাদ জনায় সাহাৰ আলী, জহৰ আলীৰ পৰিয়াল আৰু আত্মীয়ই । উল্লেখ্য যে যোৱা ২৮ জুনত ১০জনকৈ অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পিছত আজি আকৌ ৪জনক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
প্ৰেৰক সমৰেশ শীল শৰ্মা