নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু যৌন নির্যাতনকাৰীক সুৰক্ষা দিয়া ৪ আৰক্ষীক নিলম্বন

নিয়মীয়া বার্তা, ২ জুন : তিনিটা শিশুক যৌন নির্যাতন চলোৱা অভিযুক্ত লম্পট এটাক ৰক্ষণাবেক্ষণৰ অপচেষ্টা কৰা পলাশবাৰী নগৰ আৰক্ষী চকীৰ কনিষ্টবল, হাবিলদাৰ, হোমগার্ডসহ চাৰিজনক কালি চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷ যৌন নির্যাতনৰ ঘটনাটো ২৮ আৰু ২৯ মে’ৰ৷ ঘটনা সন্দর্ভত জানিব পৰা মতে, যোৱা ২৮ মে’ত পলাশবাৰীৰ হুদুমপুৰৰ এটি ৯ বছৰীয়া ল’ৰাক একে গাঁৱৰে ধর্মেশ্বৰ মেধিয়ে আম দিম বুলি ফুচুলাই ঘৰলৈ মাতি নি যৌন নির্যাতন চলায়৷ পিছত শিশুটিয়ে ঘৰত আহি সন্ধিয়া পঢ়াৰ সময়ত মাকক সকলো কথা বিৱৰি কোৱাত ঘটনা সন্দর্ভত স্বামী–স্ত্রীয়ে ধর্মেশ্বৰৰ ঘৰলৈ গৈ জবাবদিহি কৰে৷ পিছত ধর্মেশ্বৰ মেধিয়ে ক্ষমা খোজে আৰু ধর্মেশ্বৰ মেধিৰ পুত্র আৰ এছ এছৰ কর্মী বিৰাজ মেধিয়ে একেখন গাঁৱৰে মানুহ, সমাজত কথাটো উলিয়াবলৈ বাধা প্রদান কৰাৰ লগতে বিপদ হ’ব বুলিও কয়৷ পিছদিনা অর্থাৎ ২৯ মে’ত পুত্র স্কুললৈ যাবলৈ ওলোৱাত একে গাঁৱৰে প্রায় ৭ আৰু ৯ বছৰীয়া দুই শিশুকো ধর্মেশ্বৰ মেধিয়ে একে কু–কর্ম কৰে বুলি উল্লেখ কৰে৷ পিছত স্থানীয় লোকে মিলিত হৈ ঘটনা সন্দর্ভত পলাশবাৰী নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ যায়৷ কিন্তু আৰক্ষী চকীত থকা কনিষ্টবল শ্রীমন্ত হালৈয়ে আৰ এছ এছ নেতা বিৰাজ মেধিৰ সৈতে মিতিৰালি পাতি অভিযোগ সন্দর্ভত কোনো আলোচনা নকৰাকৈ ঘটনাটো গাপ দিবলৈ চেষ্টা চলায়৷ কনিষ্টবলগৰাকীয়ে অভিযুক্তক ৰক্ষণাবেক্ষণ দিবলৈ গৈ অভিযোগ দিবলৈ অহা লোকসকলক ভাবুকি দি আৰক্ষী চকীত কাগজ–কলমেই নাই বুলি কৈ এজাহাৰেই গ্রহণ নকৰি ওভতাই পঠিয়ায়৷ পিছত অভিভাৱক আৰু হুদুমপুৰৰ লোকসকলে পলাশবাৰী থানালৈ গৈ এজাহাৰ দাখিল কৰি সকলো কথা বিৱৰি কয়৷ তাৰ পিছতে পলাশবাৰী নগৰ আৰক্ষী চকীৰ কনিষ্টবল শ্রীমন্ত হালৈ, হাবিলদাৰ তৰুণ বড়ো, গৃহৰক্ষী জোৱান ইছমাইল আলী আৰু চালক নয়ন কলিতাসহ মুঠ চাৰিজনক কার্যকৰী হোৱাকৈ তাৎক্ষণিকভাৱে নিলম্বন কৰে আৰক্ষীৰ ঊর্ধ্বতন কর্তৃপক্ষই৷ তাৰ পিছতে একপ্রকাৰ পলাশবাৰী নগৰ আৰক্ষী চকী খালী হৈ পৰে৷ এতিয়া ঘটনাটো আৰক্ষীয়ে গুৰুত্বসহকাৰে গ্রহণ কৰি তদন্ত কৰাত পলায়ন কৰে অভিযুক্ত ৭০ বছৰীয়া ধর্মেশ্বৰ মেধিয়ে৷ এতিয়া অভিযুক্তৰ পুত্র আৰ এছ এছ নেতা বিৰাজ মেধিয়ে বিভিন্ন লোকক ভয়–ভাবুকি দিয়াৰ অভিযোগত অশান্ত হৈ পৰিছে পলাশবাৰীৰ হুদুমপুৰ অঞ্চল৷ ইয়াকে লৈ জনসাধাৰণ ক্ষোভত ফাটি পৰিছে৷ বর্তমান আৰক্ষীয়ে তিনিওটা শিশুক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে৷ আনহাতে, আৰ এছ এছ নেতাৰ পিতৃ অভিযুক্ত হোৱাৰ সুবাদতে এতিয়া সাৰি যাব নেকি শিশু নির্যাতনকাৰী ধর্মেশ্বৰ মেধি৷ ইতিমধ্যে ঘটনা সন্দর্ভত পলাশবাৰী থানাত ১৮১/২৪ নম্বৰত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে৷

প্ৰেৰক বলেন কলিতা

You might also like