🔹 ১১৫খন বিদ্যালয় বন্ধ ৰখাৰ নির্দেশ প্রশাসনৰ
বিশেষ বার্তা, নগাঁও, ৩ জুন : নগাঁও জিলাৰ বান পৰিস্থিতি জটিল হৈ আছে৷ জিলাখনৰ কামপুৰ, ৰহা আৰু কলিয়াবৰ, চামগুৰি ৰাজহ চক্রৰ শতাধিক গাঁও বানৰ কবলত পৰিছে৷ ফলত জিলাখনৰ বহু শিক্ষানুষ্ঠান জলমগ্ণ হৈছে৷ যাৰ পৰিপ্রেক্ষিতত নগাঁও জিলা আয়ুক্ত নৰেন্দ্র কুমাৰ শ্বাহৰ লগত আলোচনা মর্মে বিদ্যালয়সমূহৰ পৰিদর্শকে এক নির্দেশমর্মে জিলাখনৰ ১১৫খন শিক্ষানুষ্ঠান সাময়িকভাৱে বন্ধ ঘোষণা কৰিছে৷ ছাত্র–ছাত্রীসকলৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি স্বাভাৱিক অৱস্থা ঘূৰি নহা পর্যন্ত বিদ্যালয়সমূহ বন্ধ ৰখাৰ নির্দেশ জাৰি কৰিছে৷ জিলাখনৰ উচ্চতৰ, উচ্চ মাধ্যমিক আৰু প্রাথমিক স্তৰৰ ১১৫খন বিদ্যালয় বন্ধ ৰখাৰ নির্দেশ দিয়া হৈছে৷ কামপুৰ ৰাজহ চক্রত সর্বাধিক বিদ্যালয় বানৰ কবলত পৰিছে৷
বন্যার্তৰ মাজত সাহায্য প্রদানৰ পদক্ষেপ প্রশাসনৰ
সাম্প্রতিক বানত ক্ষতিগ্রস্ত জিলাখনৰ কামপুৰ, ৰহা আৰু কলিয়াবৰ ৰাজহ চক্রৰ অন্তর্গত অঞ্চলসমূহত জিলা প্রশাসন আৰু জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ উদ্যোগত বন্যার্তৰ মাজত খাদ্য সামগ্রী, বিশুদ্ধ খোৱাপানী, ঔষধ–পাতি, পশুধনৰ খাদ্য আদি পর্যাপ্ত পৰিমাণে বিতৰণৰ ব্যৱস্থা কৰা হৈছে৷ লগতে ৰাইজৰ মাজত চিকিৎসা শিবিৰ আৰু পশুধনৰ বাবে পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে৷ পৰহি ৰহা ৰাজহ চক্রৰ অন্তর্গত বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কাকতিগাঁও নিম্ন প্রাথমিক বিদ্যালয়ত বন্যার্তৰ বাবে স্থাপন কৰা বান সাহায্য শিবিৰ দুটাত প্রশাসনৰ তৰফৰ পৰা খাদ্য সামগ্রী, বিশুদ্ধ খোৱাপানীকে ধৰি সকলো সুবিধা প্রদান কৰা হৈছে৷ এই শিবিৰ দুটা ৰহা ৰাজহ চক্র বিষয়া সুপ্রভা ৰয়ে পৰিদর্শন কৰি বন্যার্ত ৰাইজৰ লগত মত বিনিময় কৰি তেওঁলোকক সকলো ধৰণৰ সুবিধা প্রদানৰ আশ্বাস প্রদান কৰে৷ কালাপানী নৈৰ বাঢ়নী পানীৰ ফলত প্রভাৱিত হোৱা জিলাখনৰ কলিয়াবৰ ৰাজহ চক্রৰ অন্তর্গত কালাপানী, শালপাৰা, বৰঘাট চাহবাগিচা নং–১ আদি অঞ্চলৰ ৰাইজক প্রশাসনৰ তৰফৰ পৰা গৰমে ৰন্ধা আহাৰ প্রদান কৰা হৈছে৷ কপিলী, কলং আৰু বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত ৰহা, কামপুৰ আৰু কলিয়াবৰ ৰাজহ চক্রৰ অধীনস্থ সংকটজনক স্থানসমূহ জিলা আয়ুক্ত নৰেন্দ্র কুমাৰ শ্বাহে পৰিদর্শন কৰি সংশ্লিষ্ট বিভাগসমূহক যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সাজু থাকিবলৈ নির্দেশ প্রদান কৰে৷ কালি তেওঁ জলসম্পদ বিভাগৰ বিষয়া–কর্মচাৰীৰ সৈতে কামপুৰ ৰাজহ চক্রৰ অন্তর্গত চাংচকী বৰচুং সংযোগী মথাউৰি আৰু গাৰোখুন্দা গোসাঁইগাঁও সংযোগী মথাউৰিটো পৰিদর্শন কৰি স্থানীয় ব্যক্তিৰ সৈতে মত বিনিময় কৰে৷ স্থানীয় ব্যক্তিসকলে মথাউৰিটো নির্মাণ কৰি দিয়াৰ কাৰণে চৰকাৰ আৰু জিলা প্রশাসনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া দেৱাহুতি বৰা আৰু কামপুৰ, ৰহা, চামগুৰি আৰু কলিয়াবৰৰ ৰাজহ চক্র বিষয়াসকলে প্রতিটো মুহূর্তত বন্যার্তৰ মাজত থাকি তেওঁলোকৰ অসুবিধাসমূহ দূৰ কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ নগাঁও আয়ুক্ত কার্যালয়ৰ সাহায্য আৰু দুর্যোগ ব্যৱস্থাপনা শাখাই বানাক্রান্ত অঞ্চলসমূহৰ ৰাইজৰ জ্ঞাতার্থে কিছু পৰামর্শ আগবঢ়াইছে৷ এই অনুসৰি বানপানীৰ সময়ত নৈ বা বোৱঁতী সুঁতি পাৰ হ’বলৈ আৰু বানাক্রান্ত এলেকাত সাঁতুৰিবলৈ চেষ্টা নকৰিবলৈ, বানপানী কবলত থকা জলাশয়ত মাছ ধৰা, বানপানীত ডুবি থকা ট্ৰেন্সফর্মাৰ, বৈদ্যুতিক খুঁটা, বৈদ্যুতিক তাঁৰ আদি স্পর্শ কৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামর্শ আগবঢ়াইছে৷ লগতে সৰু ল’ৰা–ছোৱালীক বাঢ়নী পানীত খেলা আৰু জলাশয়, নদী, পুখুৰী, বিল আদি ওচৰলৈ যোৱাত বাধা প্রদান কৰিবলৈ পৰামর্শ প্রদান কৰা হৈছে৷ কোনো ব্যক্তি আকস্মিকভাৱে যদি পানীত পৰে, তেন্তে নির্দিষ্ট কৌশল আৰু এইক্ষেত্রত পাকৈত ব্যক্তিৰ দ্বাৰা উদ্ধাৰ কৰা আৰু চলন্ত নাও বা অতিৰিক্ত যাত্রীবাহী নাৱত যাত্রীসকলে কঠোৰ সতর্কতা অৱলম্বন কৰিবলৈ পৰামর্শ আগবঢ়োৱা হৈছে৷ যিকোনো জৰুৰীকালীন খবৰ আৰু সহায়ৰ বাবে ৰাইজে টোল ফ্রী নম্বৰ ১০৭৭ আৰু ০৩৬৭২২৩৬৮২৭/ ০৩৬৭২২৩৮০০০ নম্বৰত যোগাযোগ কৰিব পাৰিব৷
হাতীমুৰা মথাউৰিৰ ওপৰেদি সকলোধৰণৰ যান–বাহনৰ চলাচল নিষিদ্ধ
কলিয়াবৰৰ হাতীমুৰা মথাউৰিটোলৈ নামি অহা ভাবুকিয়ে ৰাইজক চিন্তিত কৰি তোলা দেখা গৈছে৷ কলিয়াবৰৰ কলংপৰীয়া ৰাইজৰ মাজত পুনৰ আশংকা বিয়পি পৰাৰ লগে লগে কালি পুৱাই মথাউৰি চাবলৈ ৰাইজক ওলাই অহা দেখা গ’ল৷ লক্ষণীয় কথাটো হ’ল, ২০১৭ চনৰ ১২ আগষ্ট আৰু ২০২৪ চনৰ ২ জুলাইত দুবাৰকৈ মথাউৰি ছিগি প্রলয়ংকৰী বানৰ সৃষ্টি কৰি কলিয়াবৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল৷ সেয়ে লুইতৰ পানী বাঢ়ি অহাৰ লগে লগে পুনৰ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ৷ মথাউৰিটোৰ ঠায়ে ঠায়ে বৰষুণৰ পানীয়ে খহাই নিয়াত এতিয়া মেৰামতি কৰাত উঠি-পৰি লগা দেখা গৈছে৷ ছিগা মথাউৰি পুনৰ নির্মাণ কৰা ঠাইত পুনৰ ফাট মেলিছে কিছু অংশত৷ সেয়ে পুনৰ শংকিত হৈ পৰিছে কলিয়াবৰীয়া ৰাইজ৷ শেহতীয়াভাৱে নেৰানেপেৰা বৰষুণ, ধুমুহা আৰু নদীৰ বাঢ়নী পানীৰ ফলত কুকুৰাকটা পাহাৰৰ পৰা হাতীমূৰা পাহাৰলৈকে থকা হাতীমুৰা মথাউৰিটো প্রভাৱিত হোৱাৰ পৰিপ্রেক্ষিতত তাত অহৰহ ৰক্ষণাবেক্ষণ আৰু মেৰামতি আদিৰ কাম বিভাগে চলাই থকা পৰিলক্ষিত হৈছে৷ মথাউৰিৰ ওপৰেদি পূর্বৰ দৰে মানুহ আৰু যান–বাহনৰ চলাচল অব্যাহত থকাত মথাউৰিটোৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতি আদি কামত ব্যাঘাত জন্মাত ইতিমধ্যে কলিয়াবৰ সম–জিলা প্রশাসনে এখন ৰাজহুৱা জাননী প্রকাশ কৰিছে৷ হাতীমূৰা মথাউৰিটোৰ ওপৰেদি সকলোধৰণৰ যান–বাহনৰ চলাচল সম–জিলা প্রশাসনৰ দ্বাৰা সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে বুলি জননীখনত উল্লেখ কৰিছে৷ অৱশ্যে ৰাইজৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি কেৰিবাকৰি, হাতীমুৰা আদি ঠাইৰ স্থানীয় বাসিন্দাসকলে মাত্র নিতান্ত জৰুৰী কামৰ বাবে অনুমতিসহ খোজকাঢ়ি মথাউৰিৰ ওপৰেদি অহা–যোৱা কৰাত কোনো বাধা নাথাকিব৷ ইয়াৰ লগতে সর্বসাধাৰণ লোকক মথাউৰি ভঙা বা আন কোনোধৰণৰ উৰাবাতৰি সামাজিক মাধ্যম বা আন উৎসৰ জৰিয়তে পাই উত্তেজিত নহ’বলৈও প্রশাসনে ৰাইজৰ প্রতি আহ্বান জনাইছে৷
বছৰৰ প্রথমটো বানৰ কবলত লাওখোৱাৰ ভূৰবন্ধা অঞ্চল
নিয়মীয়া বার্তা, ৰূপহীহাট : বছৰৰ প্রথমটো বানৰ কবলত পৰিছে লাওখোৱাৰ বৃহত্তৰ ভূৰবন্ধা অঞ্চল৷ কালি পুৱাৰ পৰা ভূৰবন্ধা, বগামুখ আদি অঞ্চলত সোমাইছে ব্রহ্মপুত্রৰ বাঢ়নী পানী৷ লুইতৰ বাঢ়নী পানী সোমাই অহাৰ লগে লগে চিন্তিত হৈ পৰিছে নৈপৰীয়া ভূৰবন্ধা অঞ্চলৰ ৰাইজ৷ ব্রহ্মপুত্রৰ জলস্তৰ বৃদ্ধি হৈ থাকিলে আৰু কিছু সময়ৰ ভিতৰতে প্লাৱিত হৈ পৰিব আৰু ন ন অঞ্চল৷ বাঢ়নী পানীৰ কবলত পৰি ঘৰ–বাৰী এৰি এতিয়া বন্যার্তই শিলঘাট–ধিং মথাউৰিত আশ্রয় লৈছে৷ বছৰৰ প্রথমটো বানে কৃষকসকলৰ সপোন থানবান কৰি পেলাইছে৷ বানে প্রায় হাজাৰ বিঘাতকৈ অধিক কৃষিভূমি বিনষ্ট কৰি পেলাইছে৷ আনপিনে ব্রহ্মপুত্রৰ বানত উটি অহা এটি হৰিণা উদ্ধাৰ কৰে ৰাইজে৷ চাৰিওফালে বান বিভীষিকাৰ ফলত বনাঞ্চল এৰি জনাঞ্চলৈ ওলাই আহিছে হৰিণাটো৷ স্থনীয় ৰাইজে হৰিণাটো উদ্ধাৰ কৰি লাওখোৱা বন বিভাগক চমজাই দিয়ে৷