নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেৰণিত কাঠফুলা খাই অসুস্থ চাৰি : ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন

নিয়মীয়া বাৰ্তা, ৫ জুনঃ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানাৰ অন্তৰ্গত খেৰণিৰ জেংক্ৰ গাঁৱত সংঘটিত হৈছে এক খাদ্য বিষক্ৰিয়াৰ ঘটনা। বিষাক্ত কাঠফুলা খাই অসুস্থ হৈ পৰিছে চাৰিজন লোক। উল্লেখযোগ্য যে পাহাৰীয়া এলেকাৰ জংঘলৰ পৰা আঞ্জা বনাই খোৱাৰ উদ্দেশ্যে ভুক্তভোগী পৰিয়ালে আনিছিল বিষাক্ত কাঠফুলা। কিন্তু উক্ত কাঠফুলা খোৱাৰ পিছতে মঙ্গলছিং ক্র, চাৰ ইম ক্র, বাৰী ইংহিপি আৰু ৰবিকা তিচ্ছʼপি অসুস্থ হৈ পৰে। স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক ততাতৈয়াকৈ খেৰণি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰি তাৎক্ষণিক চিকিৎসা প্ৰদান কৰা হয়। কিন্তু পৰৱৰ্তী সময়ত দুজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ ফলত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেওঁলোকক ডিফুলৈ প্ৰেৰণ কৰে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like