বিশেষ বাৰ্তা, ৭ জুলাইঃ নগাঁও কলেজ (অট’নমাচ) ৰ সদ্যঘোষিত স্নাতক পৰীক্ষাত অৰ্থনীতি বিজ্ঞান বিষয়ত ৯.৪৬ চিজিপিএ গ্ৰেড লাভ কৰি বনশ্ৰী চৌধুৰীয়ে শ্ৰেষ্ঠ স্নাতক সন্মান লাভ কৰিছে। ভূগোল বিজ্ঞান বিভাগৰ প্ৰিয়াংশ্ৰী গোস্বামীয়ে ৯.৩৯ চিজিপিএ গ্ৰেড লাভ কৰি দ্বিতীয় স্থান দখল কৰিছে। অৰ্থনীতি বিজ্ঞান বিভাগৰ অংকিতা বৰাই ৯.৩৬ চিজিপিএ গ্ৰেড লাভ কৰি তৃতীয় স্থান লাভ কৰিছে। উল্লেখযোগ্য যে নগাঁও কলেজক অট’নমাচ বুলি বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে স্বীকৃতি দিয়াৰ পিচত সুচাৰুৰূপে পৰীক্ষা পৰিচালনা কৰি প্ৰথমটো চামৰ ফলাফল ঘোষণা কৰা হয়। উল্লেখযোগ্য যে ২০২৩-২৪ শৈক্ষিক বৰ্ষৰ পৰা নগাঁও কলেজত নতুন শিক্ষা নীতি NEP-2020 প্ৰৱৰ্তন কৰা হৈছে বুলি অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে জানিবলৈ দি কয় যে ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম এই বছৰৰ পৰা আৰম্ভ হ’ব। এই নতুন শিক্ষা নীতি অনুসৰি স্নাতক- বিজ্ঞান, কলা বা বাণিজ্য বুলি কোনো বিভাজন নাথাকিব। তাৰ পৰিৱৰ্তে স্নাতকসহ বিষয় উল্লেখ থাকিব। প্ৰথম বছৰ দুটা ষান্মাসিক সম্পূৰ্ণ কৰি কোনো ছাত্ৰ-ছাত্ৰী ওলাই যাব পাৰিব অথবা পুনৰ নামভৰ্তি কৰিব পাৰিব। এবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ওলাই গ’লে ছাত্ৰ-ছাত্ৰীয়ে এখন চাৰ্টিফিকেট লাভ কৰিব। দ্বিতীয় বছৰ পঢ়া শেষ কৰি গ’লে ডিপ্লমা পাব আৰু তৃতীয় বৰ্ষ শেষ কৰিলে স্নাতক ডিগ্ৰী লাভ কৰিব পাৰিব। চতুৰ্থ বৰ্ষ শেষ কৰিলে অনাৰ্চসহ ডিগ্ৰী হিচাপে উত্তীৰ্ণ হ’ব। ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীয়ে এবছৰ স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়িলেই হ’ব। নগাঁও কলেজে ৪ বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমৰ নামভৰ্তি এই বছৰৰ পৰা কৰাৰ সুযোগ দিছে বুলি অধ্যক্ষই জানিবলৈ দিছে। এইবছৰ নগাঁও কলেজে ভাৰতীয় জ্ঞান শিক্ষা (Indian knowledge System)ৰ পাঠ্যক্ৰম আৰু কমাৰ্চ আৰু সংস্কৃতত স্নাতকোত্তৰ পাঠ্যক্ৰম মুকলি কৰিব বুলিও অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে জানিবলৈ দিছে। ইয়াৰ উপৰিও সাম্প্ৰতিক পৰিস্থিতি (Current Affairs) বিষয় মুকলি কৰা হৈছে। নগাঁও কলেজৰ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰত স্নাতকোত্তৰ পৰিৱেশ বিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ দূৰ সংযোগ পাঠ্যক্ৰম মুকলি কৰিবলৈ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ কতৃপক্ষই অনুমতি দিছে বুলি আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই জানিবলৈ দিয়ে।
প্ৰেৰক কনক হাজৰিকা