অজ্ঞাত নাৰী কণ্ঠৰ পৰা সাৱধান, যাব পাৰে মাটি-বাৰী… শুনক অডিঅ’
নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ নেটফ্লিক্সত উপলব্ধ জামতাৰা। জামতাৰাত দেখুৱাইছে বিভিন্ন বেংক, মবাইল কোম্পানীয়ে মবাইল টাৱাৰ বহুওৱাৰ নামত ফোন কৰে। তাৰ পিছত টকা পইচাৰ লেনদেন। বহু লোকে এনে অবৈধ ফোনকলৰ বলি হৈ নিজৰ সাচঁতীয়া ধন হেৰুৱাইছে। যেন এইবোৰ এক নৈমিত্তিক ঘটনাহে। দৈনিক বহু লোকলৈ এনে ফোন আহে আৰু নিজৰ ধন হেৰুৱায়।
এনে প্ৰৱঞ্চনাৰ জাল পেলাইছে অসমতো। শেহতীয়াকৈ ৰাজ্যখনতো টাৱাৰ, বেংকৰ kyccৰ নামত ফোন কৰি বিভিন্নজনক লুটি থকাৰ খবৰ প্ৰায়েই আহিছে। এনে এক প্ৰৱঞ্চনাৰ অডিঅ কল আমাৰ হাতত পৰিছে। কিদৰে আইডিয়াৰ টাৱাৰ বহুওৱাৰ লগতে ঘৰৰ এজন লোকক সংস্থাপন দিয়াৰ টোপ দি আগতীয়া ধন লৈ উধাও হয় এই প্ৰৱঞ্চক সকলে। এইক্ষেত্ৰত ফোনত বাৰ্তালাপ কৰে ভুৱা পৰিচয়েৰে কোনো সুন্দৰ কণ্ঠৰ যুৱতীয়ে। আমাৰ হাতত পৰা অডিঅ শুনিলে আপুনি গম পাব এই প্ৰৱঞ্চক দলটো কিমান পেছাগত। পেছাগত ভাৱে লুটি নিয়াৰ এক সুন্দৰ প্ৰয়াস।
কিন্তু প্ৰশ্ন হৈছে মবাইল টাৱাৰৰ নামত এনেধৰণে ফোন কৰি সাধাৰণ লোকক ঠগি থকাৰ পিছতো টাৱাৰ কোম্পানীসমূহে এই সন্দৰ্ভত সাধাৰণ লোকক কিয় মেচেজ যোগে নজনায় যে এইবোৰ সম্পূৰ্ণ এক প্ৰৱঞ্চনা। আনহাতে দেশৰ প্ৰশাসনৰো নাই তেনে সজাগতা।
গতিকে আমি সৰ্বসাধাৰণ লোকক আহ্বান জনাও এনে ফোন কলৰ ক্ষেত্ৰত যাতে সাৱধান হয়।