নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত পিতা-পুত্ৰসহ তিনি প্ৰৱঞ্চক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী : মৰিগাঁৱৰ লাহৰীঘাট আৰক্ষীৰ বৃহৎ সফলতা। দীৰ্ঘদিন প্ৰৱঞ্চনাৰ জাল পেলাই সৰ্বসাধাৰণৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল পিতা-পুত্ৰসহ তিনি প্ৰৱঞ্চক। যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰা তিনি প্ৰৱঞ্চক ক্ৰমে তফাজ্জুল হুছেইন, এমদাদুল হুছেইন আৰু গোলাপ হুছেইন।এমদাদুল আৰু গোলাপ হুছেইন দুয়ো তফাজ্জুলৰ পুত্ৰ। উল্লেখ্য যে বান-খহনীয়াগ্ৰস্ত লোকক চৰকাৰী সাহাৰ্যৰ চেক প্ৰদান কৰাৰ প্ৰলোভন দি তিনি পিতা-পুত্ৰই কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ তুলি একাংশ সৰ্বস্বান্ত লোকে মৰিগাঁও আদালতত গোচৰ তৰিছিল। সেই গোচৰৰ ভিত্তিত যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰে। শ শ সৰ্বস্বান্ত লোকৰ পৰা বিভিন্ন প্ৰলোভন দি তফাজ্জুলে ধন সংগ্ৰহ অভিযান অব্যাহত ৰাখিছিল। ইমানেই নহয় প্ৰৱঞ্চক তফাজ্জুলে নিজৰ পত্নী আৰু পুত্ৰক ভুৱা ডিচি, এডিচি, বৰবাবু সজাই ফোনযোগে সৰ্বস্বান্ত লোকক কৰিছিল ব্লেকমেইলিং। বিদ্যালয়ত ৰান্ধনিৰ চাকৰি দিয়াৰ নামতো ধৃত এমদাদুল এগৰাকী মহিলাৰ লৈছিল ৭৫ হাজাৰ টকা। সম্প্রতি ধৃত পিতা পুত্ৰ তিনিওকে লাহৰীঘাট আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে।

প্ৰেৰক আবুল কালাম

You might also like