নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন জেউতি কৃষক সংঘৰ উদ্যোগত মৰিগাঁৱৰ গেৰুৱাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ মৰিগাঁৱৰ অন্যতম সমাজ সেরী প্রকৃতিপ্রেমী কৃষক সংগঠন জীৱন জেউতি কৃষক সংঘৰ উদ্যোগত মৰিগাঁৱৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি সম্পন্ন হয় এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ। গুৱাহাটী ভঙাগড়স্থিত চেন্টাৰ ফৰ চাইট চকু চিকিৎসালয়ৰ পৰা অহা এটি পাঁচজনীয়া চিকিৎসকৰ দলে গেৰুৱা উচ্ছতৰ মাধ্যমিক বিদ্যালয় চাৰি শতাধিক ছাত্র-ছাত্রীক চকুৰ চিকিৎসা সেৱা আগবঢ়ায়। উল্লেখ্য যে এই চিকিৎসা শিবিৰত চিনাক্ত হয় ৫০জনৰো অধিক দুখীয়া পৰিয়ালৰ ছাত্র ছাত্রীৰ চকুৰ জটিল ৰোগ। চকুৰ ৰোগত আক্ৰান্ত এইসকল ছাত্ৰ ছাত্ৰীৰ অপাৰেচন কৰাটো অতি প্ৰয়োজনীয় বুলি চিকিৎসকৰ দলে জানিব দিয়ে। অৱশ্যে চকুৰ জটিল ৰোগত আক্ৰান্ত বুলি চিনাক্ত হোৱা বিদ্যালয়খনৰ প্ৰায় কেইজন ছাত্ৰ ছাত্ৰীয়ে দৰিদ্ৰ পৰিয়ালৰ। চিকিৎসক সকলে জনোৱা মতে আয়ুস্মান কার্ড থকা পরিয়ালৰ আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলে অপাৰেচন সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব বুলিও জানিব দিয়ে। বৃহত্বৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক এই সুবিধা গ্ৰহণ কৰিবলৈ আহবান জনাই বিদ্যালয়খনৰ অধ্যক্ষ বুবুমনি গোস্বামীয়ে। চকু চিকিৎসা শিবিৰ টো উদ্বোধন কৰি চিকিৎসক সকলৰ লগতে শিবিৰ টোৰ উদ্যোক্তা জীৱন জেউতী কৃষক সংঘৰ মুখ্য সমন্বয়ক তুলসী ডেকাকে প্ৰমুখ্য কৰি কৰ্মকৰ্তাসকলক ধন্যবাদ জনাই অধ্যক্ষগৰাকীয়ে। চেন্টাৰ ফৰ চাইটৰ হৈয়ো চিকিৎসক তাপছ কুমাৰ ডেকাই হাস্পতালখনৰ পৰা পাব পৰা আঁচনিৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে। লগতে শিবিৰ টোৰে সংগতি ৰাখি অনুষ্ঠিত চকুৰ যত্ন সম্পৰ্কীয় সজাগতা সভাত ছাত্ৰ-ছাত্ৰীয়ে চকুৰ ওপৰত লব লগা সাৱধানতা বিষয়ত ভাষণ ৰাখে কৃষক নেতা তুলসী ডেকাৰ লগতে শিক্ষক মহেন্দ্ৰ মোহন শইকীয়া, দূর্গেশ্বৰ ভূঞা, অতুল চন্দ্ৰ হাজোৱাৰী, কৃষ্ণ কুমাৰ ডেকা, লক্ষী বড়োকে ধৰি বহু জন গন্য মান্য লোকে।

প্ৰেৰক আবুল কালাম

You might also like