নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ নলবাৰী জিলাৰ পূবপ্ৰান্তৰ সাহপুৰত স্বেচ্ছাসেৱী তথা সামাজিক অনুষ্ঠান ৰেডিয়েণ্ট মাল্টিপাৰ্পোজ কোঅপাৰেটিভ ছচাইটি লিমিটেডৰ উদ্যোগত আজি দিব্যজ্যোতি বালিকা বিদ্যাপীঠত শংকৰদেৱ নেত্ৰালয় গুৱাহাটীৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। সাংস্কৃতিককৰ্মী ত্ৰিদীপ ৰঞ্জন মেধিয়ে আঁত ধৰা অনুষ্ঠানটোত শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসক ড° হৰ্ষ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷ অনুষ্ঠানটোত ডাঃ নিকিতা সাহা, ডাঃ আদিত্যা ঘোষ, ডাঃ মাঞ্চু দেশমুখ, ডাঃ চানুভুতি জৈন, ডাঃ গনেশ কুৰী, ডাঃ চুলেখা জাকিৰ হুছেইনকে ধৰি কেইবাগৰাকী অভিজ্ঞ চিকিৎসকে অঞ্চলটোৰ ৩০০ জ্যেষ্ঠ নাগৰিকৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সঞ্চালকমণ্ডলী বসন্ত দাস, পংকজ বৰ্মা, মদন কলিতা, ত্ৰিদিপ ৰঞ্জন মেধি, নৃপেন ৰাজবংশী, প্ৰদীপ মেধিয়ে চিকিৎসকলক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰেৰক শ্বাহ আলম আহমেদ