নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটিয়াত জিএনআৰচি হাস্পতালৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ

বাৰ্তা ব্যুৰ, ১৪ ডিচেম্বৰ : জিএনআৰচি হাস্পতালৰ উদ্যোগত গোৱালপাৰা জিলাৰ মাটিয়াত  আজি এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ অনুষ্ঠিত হৈ যায়। বিশেষকৈ অসমৰ নিম্ন আৰু মধ্যম আয়ৰ পৰিয়ালৰসমূহক সার্বজনীন স্বাস্থ্য সেৱা প্ৰদানৰ বাবে জিএনআৰচিৰ অব্যাহত থকা অভিযানৰ অংশ হিচাপে আজি এই  বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। আজিৰএই শিবিৰত ছয় শতাধিক লোকক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি ঔষধ প্ৰদান কৰা হয়। মাটিয়া হাইস্কুল চৌহদত অনুষ্ঠিত এই শিবিৰত কার্ডিঅ’লজী, নেফ্র’ল’জী, নিউৰ’ল’জী, মেডিচিন আৰু ইউৰ’ল’জী বিভাগৰ সাতগৰাকী বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়। স্বাস্থ্য শিবিৰত অংশগ্রহণকাৰীসকলক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া পৰামৰ্শ প্রদান কৰাৰ লগতে বিনামূলীয়া ঔষধ, ৰক্ত শৰ্কৰা পৰীক্ষা আৰু ইচিজি পৰীক্ষা-  কৰা হয়। বিশেষজ্ঞ চিকিৎসকসকলে প্রায় ছয় শতাধিক ৰোগীক পুংখানুপুংখভাৱে পৰীক্ষাৰ লগতে চিকিৎসা পৰামৰ্শ আগবঢ়ায়। এই সম্পৰ্কে অনুষ্ঠিত হোৱা সভাত দুধনৈ সমষ্টিৰ বিধায়ক  যাদৱ স্বর্গীয়াৰী আৰু গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক একে ৰছিদ আলম  আৰু দূধনৈৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাই অনুষ্ঠানটিত উপস্থিত থাকি ভাষণ প্ৰদান কৰে। মাটিয়া হাইস্কুলৰ প্ৰধান শিক্ষক  ডম্বৰুধৰ বৈশ্যই এই স্বাস্থ্য শিবিৰৰ সমন্বয়ক হিচাপে দায়িত্ব পালন কৰি এই অনুষ্ঠানৰ আয়োজনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। জিএনআৰচি হাস্পতালৰ স্থানীয় স্বাস্থ্যমিত্ৰসকলৰ সক্রিয় অংশগ্রহণে অনুষ্ঠানটোক আৰু অধিক সফল কৰি তোলে। ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে তেওঁলোকৰ নিষ্ঠাৱান প্রচেষ্টাই বৃহৎসংখ্যক লোকৰ সঁহাৰি লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জিএনআৰচি হাস্পতালৰ দূৰদৰ্শী প্রতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই এই শিবিৰত উপস্থিত থাকি  তেওঁ নিজৰ ব্যক্তিগত অভিজ্ঞতা ব্যক্ত কৰি অসমৰ জনসাধাৰণৰ বাবে সার্বজনীন স্বাস্থ্য সেৱা প্ৰদানৰ অভিযানৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে। ৰাইজক সম্বোধন কৰি ডাঃ বৰাই কয়- ‘স্বাস্থ্য সেৱা এক মৌলিক মানৱ অধিকাৰ, বিশেষাধিকাৰ নহয়। সীমিত সামর্থ থকাসকলেও যাতে আর্থিক বোজা বহন নকৰাকৈ স্বাস্থ্যৰ যত্ন ল’ব পাৰে, তাৰ বাবে আমি অসমৰ প্ৰতিটো কোণলৈ উচ্চ মানদণ্ডৰ চিকিৎসা সেৱা আগবঢ়াই নিয়াৰ বাবে সংকল্পবদ্ধ।’ তেওঁ স্বাস্থ্য সেৱাৰ খৰচৰ সৈতে জড়িত অর্থনৈতিক চাপ দূৰ কৰাৰ লক্ষ্যৰে অসমৰ জনসাধাৰণৰ বাবে বিনামূলীয়া চিকিৎসা আগবঢ়োৱাৰ বাবে জিএনআৰচিৰ অব্যাহত থকা প্রচেষ্টাক আলোকপাত কৰে।এই স্বাস্থ্য শিবিৰৰ সফলতাই সমাজৰ অভাৱগ্রস্ত শ্ৰেণীৰ বাবে বিভিন্ন পদক্ষেপৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উত্তৰ-পূব ভাৰতত স্নায়ুজনিত সেৱাৰ অগ্রণী হিচাপে পৰিচিত জিএনআৰচি হাস্পতালে চিকিৎসাৰ প্রয়োজনীয়তা পূৰণৰ বাবে তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা অসৰহ সম্প্ৰসাৰণ কৰি আহিছে। এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো হৈছে অঞ্চলটোৰ কম আয়ৰ লোকসকলৰ স্বাস্থ্যসেৱাৰ সুলভতাৰ ব্যৱধান দূৰ কৰিবলৈ জিএনআৰচি চিকিৎসালয়সমূহে পৰিকল্পনা কৰা বহু অগ্ৰণী প্ৰচেষ্টাৰ ভিতৰত অন্যতম।স্বাস্থ্য শিবিৰত উপস্থিত থকাসকলে বিশেষজ্ঞ চিকিৎসকৰ বিনামূলীয়া পৰামৰ্শ লাভ কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে। তেওঁলোকৰ বহুতে আজি প্ৰথমবাৰৰ বাবে কার্ডিঅ’ল’জী নেফ্র’লজী, নিউৰ’লজী, মেডিচিন আৰু ইউৰ’ল’জীৰ বিশেষজ্ঞ চিকিৎসকক লগ পোৱাৰ সুযোগ লাভ কৰে।জিএনআৰচি হাস্পতালে সমগ্র অসমতে  সার্বজনীন স্বাস্থ্য সেৱা প্রদানৰ ক্ষেত্ৰত আগভাগ লৈ সকলোৰে বাবে সুস্থ ভবিষ্যৎ সৃষ্টিৰ বাবে উৎসর্গিত হৈ আছে। প্রতিজন ব্যক্তিয়ে তেওঁলোকৰ আৰ্থিক অৱস্থা নির্বিশেষে বিশ্বমানৰ স্বাস্থ্য সেৱা পোৱাটো নিশ্চিত কৰিবৰ বাবে জিএনআৰচি হাস্পতালে চেষ্টা অব্যাহত ৰাখিছে। অসমত স্বাস্থ্য সেৱাৰ ফলাফল উন্নত কৰাৰ ওপৰত স্পষ্ট গুৰুত্ব দি জিএনআৰচি সকলোৰে বাবে সুস্থ ভৱিষ্যৎ সৃষ্টিৰ বাবে প্রতিশ্রুতিবদ্ধ।১৯৮৫ চনত ডাঃ নোমল চন্দ্ৰ বৰাৰ দ্বাৰা প্ৰতিষ্ঠিত জিএনআৰচি হাস্পতালে প্রায় এহেজাৰ খন বিছনাৰে অসম আৰু পশ্চিম বংগ এই দুই ৰাজ্যত তৃতীয় পৰ্যায়ৰ যত্নৰ ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ শৃংখলৰূপে সেৱা আগবঢ়াই আহিছে। ৰোগীকেন্দ্ৰিক পদ্ধতিৰে উন্নত স্বাস্থ্যসেৱাৰ সমাধান প্ৰদানৰ বাবে জিএনআৰচি উৎসর্গিত।জিএনআৰচিৰ উদ্ভাৱনীমূলক স্বাস্থ্যসেৱা মডেল- ব্যয়সাধ্য স্বাস্থ্য অভিযান, হার্ভার্ড স্কুল অব পাব্লিক হেল্থৰ ‘ভাৰতত চিকিৎসালয়ৰ নেতৃত্বত সংহত যত্ন, জিএনআৰচি, অসমৰ ক্ষেত্ৰ’ শীর্ষক কেছ ষ্টাডিসমূহ বিশ্বব্যাপী মনোযোগ আকৰ্ষণ কৰিছে। ইয়াৰ উপৰিও জিএনআৰচিৰ ‘স্বাস্থ্য মিত্ৰ-অসমৰ’ ব্যক্তিগত সামূহিক স্বাস্থ্যকর্মীসকলৰ ভূমিকাক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাত অৱদানৰ বাবে ‘দ্য লেন্সেট আঞ্চলিক স্বাস্থ্য দক্ষিণ-পূব এছিয়াত’ প্রবন্ধ ৰূপত প্ৰকাশ কৰা হৈছে। আন এটা অধ্যয়ন, ‘এক্সেছ টু এফ’ডেবল হেল্থ, এ কেয়াৰ ডেলিভাৰী মডেল অৱ জিএনআৰচি হাস্পতালছ ইন নর্থ-ইষ্টার্ন ইণ্ডিয়া’ শীর্ষক প্রবন্ধ ইণ্টাৰনেশ্যনেল জার্নেল অৱ ইন্টিগ্রেটেড কেয়াৰ, প্রকাশক,ইউবিকুইটি প্রেছ, লণ্ডন, ইউ কেত প্রকাশ পাইছিল।জিএনআৰচিৰ এই আর্হিটো বিভিন্ন গ্ল’বেল ফ’ৰামত যেনে জাপানৰ অষ্টম গ্ল’বেল চিম্পোজিয়াম অন হেল্থ চিষ্টেমছ ৰিচাৰ্ছ, ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আদিত উপস্থাপন কৰিবলৈ আমন্ত্রণ জনোৱা হৈছে।চিকিৎসা গৱেষণা আৰু শিক্ষাৰ প্ৰতি দায়বদ্ধ জিএনআৰচিয়ে বিখ্যাত প্রতিষ্ঠানসমূহৰ সৈতে সহযোগিতা কৰে আৰু চিকিৎসাৰ উন্নতিৰ বাবে ক্লিনিকেল ট্রায়েলত অংশগ্ৰহণ কৰে। গুণগত মানৰ প্ৰতি তেওঁলোকৰ অটল সমর্পণে চিকিৎসা সমাজত আস্থা আৰু সন্মান লাভ কৰাত সহায় কৰিছে। জিএনআৰচি হৈছে স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতত এক আশাৰ কিৰণ, যিয়ে অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ পৰিৱেশত স্থায়ী ছাপ পেলাবলৈ সদা সষ্টম। সভাত মাটিয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত ডিষ্টিংচন সহ উৰ্ত্তীণ হোৱা নূৰ আলমক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।
প্ৰেৰক উদিত নাৰায়ণ কলিতা
You might also like