নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ উদ্বোধন বিধায়ক তৰংগ গগৈৰ

বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ অসম স্বাস্থ্য সেৱা অভিযানৰ অধীনত আজি নাহৰকটীয়া চাচনী বামুণীবিল মধ্য ইংৰাজী বিদ্যালয়ত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰা হয়। নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে ফিটা কাটি শিৱিৰ মুকলি কৰা পিছতেই টেঙাখাত মডেল চিকিৎসালয়ৰ স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ চিকিৎসক ডাঃ পাপৰি শইকীয়া, লেঙেৰী মডেল চিকিৎসালয়ৰ মেডিচিন বিভাগৰ চিকিৎসক ডাঃ পৰাগ সোণোৱাল, নাহৰকটীয়া অসামৰিক চিকিৎসালয়ৰ চকু চিকিৎসক ডাঃ ডেইজী নাথ, নাক, কাণ, ডিঙি বিশেষজ্ঞ ডাঃ শৈলেন ৰয়, নাহৰণি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শিশু ৰোগ চিকিৎসক ডাঃ অজিত স্বৰগাৰী, দন্ত চিকিৎসক ডাঃ ৰিমণ কৰ, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যকমৰ চিকিৎসক ডাঃ মনিষা শইকীয়া, চাচনী সামৰিক স্বাস্থ্য কেন্দ্ৰৰ জেষ্ঠ চিকিৎসক ডাঃ বালক প্ৰসাদ কৰ্মকাৰে এই বিনামূলীয়া চিকিৎসা শিৱিৰত চিকিৎসা সেৱা আগবঢ়োৱা লগতে ৰোগী সকলক বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে ।চাচনী বামুণী বিল অঞ্চলকে ধৰি দাঁতিকাষৰীয়া অঞ্চলৰ শতাধিক ৰাইজে এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰত নিজৰ স্বাস্থ্য পৰীক্ষা কৰা লগতে ৰোগী সকল উপকৃত হব পৰাকৈ ঠাইতে মধুমেহ, হিমগ্লবিন আৰু যক্ষ্মা ৰোগৰ পৰীক্ষা কৰা হয়। এই চিকিৎসা শিৱিৰত যিসকল ৰোগীৰ দেহত জটিল ৰোগ ধৰা পৰে সেই সকল ৰোগীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাল অথবা নাহৰকটীয়া অসামৰিক চিকিৎসালয়ত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হব বুলি জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সাংবাদিকৰ আগত জানিবলৈ দিয়ে।বিনামূলীয়া চিকিৎসা শিৱিৰৰ লগত সংগতি ৰাখি আয়োজন কৰা এখন ৰাজহুৱা সভাত বিধায়ক তৰংগ গগৈয়ে কয় যে – স্বাস্থ্য বিভাগে ভিতৰুৱা অঞ্চল সমূহত আয়োজন কৰা এনেধৰণৰ বিনামূলীয়া চিকিৎসা শিৱিৰে গাওঁৰ খাটি খোৱা লোক সকল যথেষ্ট উপকৃত কৰিব বুলি তেওঁ ব্যক্তব্য প্ৰদান কৰে।স্বাস্থ্য কৰ্মী মিণ্টু সোণোৱালে আঁতধৰা এই অনুষ্ঠানটোত ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰাজীৱ কুমাৰ বৰুৱা, মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ অপৰূপা বৰগোহাঁই, বিজেপি নাহৰকটীয়া মণ্ডলৰ সভাপতি গকুল বড়া, সম্পাদক হিৰণ্য মন্ত্ৰী, বামুণীবিল মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰি প্ৰসাদ গগৈকে প্ৰমুখ্য কৰি স্বাস্থ্য কৰ্মী সকল উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like