নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত ‘সহযাত্ৰী’ৰ বিনামূলীয়া চিকিৎসা শিবিৰ

নিয়মীয়া বাৰ্তা, ২৮ জুলাই : ঢকুৱাখনা উপ-জিলাৰ বৃহত্তৰ সোণাৰি চাপৰি কেঁকুৰি অঞ্চলৰ কেইগৰাকীমান শিক্ষিত আৰু বিভিন্ন স্বানত কৰ্মৰত উদীয়মান যুৱক-যুৱতীক লৈ গঠিত “সহযাত্ৰী“ কমিউনিটী গোটৰ উদ্যোগত আৰু ঘিলামৰা ৩০খন বিছনাযুক্ত সামূহিক চিকিৎসালয়ৰ সহযোগত কেঁকুৰি চেলাজান কছাৰী গাঁৱত এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় ৷ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ কেঁকুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত অতি দুৰ্গম অঞ্চলত অৱস্থিত আৰু অনুন্নত যাতায়াত ব্যৱস্থাৰ মাজেৰে চেলা চাৰিকড়িয়া নদীত সহযাত্ৰী গোটৰ সদস্যসকলে নাৱেৰে ঔষধ, চিকিৎসা সামগ্ৰী আদি পাৰাপাৰ কৰি চেলাজান কছাৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা বিনামূলীয়া চিকিৎসা শিবিৰৰ জৰিয়তে চেলাজান কছাৰী গাঁৱৰ শতাধিক পুৰুষ- মহিলা, যুৱক-যুৱতী, কিশোৰ-কিশোৰী উপকৃত হয় ৷ চিকিৎসা শিবিৰত ডা: বিজয় কুমাৰ শৰ্মা, ডা: সাগৰ পল্লৱ হাজৰিকা, ডা: বেদান্ত শৰ্মা, জিএনএম পাপুলি পেগু, এএনএম পূৰ্ণিমা চুতীয়া আৰু পূজা চুতীয়া, লেবৰেটৰী টেকনচিয়ান অংকুৰ শইকীয়া, ফাৰ্মাচিষ্ট প্ৰবীণ কুমাৰ নাথ, Ophthalmic Assistant মীনাক্ষি সোণোৱাল আদি উপস্থিত থাকি ৰোগীৰ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদান কৰাৰ লগতে চিকিৎসা পৰামৰ্শ আগবঢ়ায় ৷ সহযাত্ৰী গোটৰ সভাপতি মাধৱ চুতীয়াৰ তত্ত্বাৱধানত অঞ্চলটোৰ সমস্যাজৰ্জৰ অঞ্চলটোত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰৰ জৰিয়তে উপকৃত হোৱাত সন্তোষ প্ৰকাশ কৰিছে গাঁওবাসীয়ে ৷

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like