ভূৰাগাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ
নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিল : মৰিগাঁৱৰ ভূৰাগাঁৱৰ বৰডোৱাটুপত কালি জি এন আৰ চি হাস্পতাল উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই বিনামূলীয়া স্বাস্থ্য শিবিৰত জি এন আৰ চি হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়। এই স্বাস্থ্য শিবিৰত প্ৰায় দুই শতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। উক্ত চিকিৎসা শিবিৰত জি এন আৰ চি হাস্পতালৰ ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ জিলা সমন্বয়ক আব্দুল কাদেৰ, লাহৰীঘাট ব্লক এৰিয়া মেনেজাৰ আনোৱাৰ হুচেইন, স্বাস্থ্য মিত্ৰ জামাল উদ্দিন আহমেদ মোবাশিবিৰোল ইছলাম, জয়মতী দেৱী, পঞ্চম চৌহান, ইলিকন নেচা, মানিক চন্দ্ৰ বিশ্বাস আৰু এৰাদুল হক উপস্থিত থাকি চিকিৎসা শিবিৰত সহায় সহযোগ আগবঢ়ায়।
প্ৰেৰক আবুল কালাম