নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ : অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ঢকুৱাখনা শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ মাজত ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়। এই উপলক্ষত ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই। নিজৰ বক্তব্যত দলেই শিক্ষক সমাজক আগন্তুক শিক্ষা বৰ্ষৰ বাবে অভিনন্দন জনাই ছাত্ৰ-ছাত্ৰী সকলক প্ৰহিলা এপ্ৰিলতে পাঠ্যপুথি সমূহ হাতত তুলি দিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত ঢকুৱাখনা সমজিলাৰ সম আয়ুক্ত কাৰ্তিক কলিতা, ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নৱনীতা হাজৰিকা, বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক সৌৰভ বৰফুকন , খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যুত গগৈ,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিবাহক জ্ঞানদীপ বৰা, সদৌ মিচিং ছাত্ৰ সন্থাৰ ঢকুৱাখনা জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰজিৎ দলে, শিক্ষক সন্থা সমূ্হৰ বিষয়ববীয়া, বিদ্যালয়সমূহৰ প্ৰধানসকল তথা শিক্ষাগুৰুসকল, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল, ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু ঢকুৱাখনাৰ বিশিষ্ট নাগৰিক সমাজ উপস্থিত থাকে। ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনতে শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ মানসিকতাক উৎসাহিত কৰিবৰ বাবে এটি পুথিভঁৰালৰো শুভ উদ্বোধন কৰা হয়।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like